কাৰ্বি আংলংঃ কাৰ্বি আংলং জিলাৰ বোকাজান বিধানসভা সমষ্টিৰ অন্তৰ্গত বোকাজান, ৰংমংৱে’ আৰু নিলীপ খণ্ডৰ প্ৰাথমিক বিদ্যালয়সমূহৰ প্ৰধান শিক্ষক-শিক্ষয়ত্ৰীসকলক লৈ সমাগত গুণোৎসৱ উপলক্ষে সৰিয়হজানস্থিত ইনড’ৰ ষ্টেডিয়ামত আজি এখন আলোচনা সভা অনুষ্ঠিত হয়৷
কাৰ্বি আংলং প্ৰাথমিক শিক্ষক সন্থাৰ উদ্যোগত অনুষ্ঠিত হোৱা আলোচনা সভাৰ মুকলি সভাখনত সভাপতিত্ব কৰে কাৰ্বি আংলং প্ৰাথমিক শিক্ষক সন্থাৰ সভানেত্ৰী লাংটুইপী ৰংপিপীয়ে আৰু নিৰ্দিষ্ট বক্তাৰূপে উপস্থিত থাকে সৰ্বশিক্ষা অভিযান মিছনৰ ন’ডেল বিষয়া খনছিং ৰংহাং৷