নগাঁৱঃ নগাঁৱৰ বিশিষ্ট কবি তথা চৰ্ম ৰোগ বিশেষজ্ঞ ডাঃ প্ৰয়াগ শইকীয়ালৈ এইবাৰ আগবঢ়োৱা হৈছে সংস্কৃত পণ্ডিত যদুমনি বৰা স্মাৰক সাহিত্য বঁটা৷ নগাঁও জিলা অসমীয়া সাহিত্য সন্মিলনীয়ে তেঁওৰ সাহিত্য ক্ষেত্ৰলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ স্বীকৃতি স্বৰূপে আগবঢ়াইছে এই সন্মান৷
নগাঁও জিলা পেঞ্চনাৰ ভৱনত অসমীয়া সাহিত্য সন্মিলনীৰ নগাঁও জিলা সমিতিৰ সভাপতি বিমল চন্দ্ৰ বৰাৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা এখন গাম্ভীৰ্যপূৰ্ণ সভাত ডাঃ শইকীয়াক এই বঁটাটি আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয়৷