newsnextone.com | ওদালগুৰিঃ চিকিৎসকে সময় মতে চিকিৎসালয়লৈ নহাটো অসমত যেন এক নিয়মতহে পৰিণত হৈছে৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ চিকিৎসালয়ত সময় মতে চিকিৎসক নহাৰ ফলত ৰোগীয়ে চিকিৎসালয়ৰ বাৰান্দাত বোন্দা পৰ দি থাকিব লগা হয়৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ওদালগুৰি জিলাতো একাংশ চিকিৎসালয়ত চিকিৎসক বহু পলমকৈ আহি সময়ৰ পূৰ্বেই চিকিৎসালয়য় এৰাৰ অভিযোগ উত্থাপন হৈ আহিছে৷
তেনেই এখন চিকিৎসালয় হৈছে ওদালগুৰিৰ বৰ্ণগাঁওস্থিত ২০০খন বিচনাযুক্ত ওদালগুৰি অসামৰিক চিকিৎসালয়৷ জিলা খনৰ লোকৰ আশা-ভৰষা চিকিৎসালয় খন সময়ে সময়ে সুনামৰ বাবে নহয় বদনামৰ বাবেহে শিৰোনাম দখল কৰে৷ বুধবাৰে পুৱাও সময়ত মতে চিকিৎসালয়লৈ নাহিল চিকিৎসক৷ কোঠাত চিকিৎসক অনুপস্থিত থকাত একাংশ ৰোগীয়ে ৰৈ থাকিব লগা হৈছিল৷