ছয়গাঁওঃ ৰাজ্যৰ শিক্ষা বিভাগৰ নিৰ্দেশ মৰ্মে প্ৰত্যেকখন মাধ্যমিক বিদ্যালয়ত নতুনকৈ পৰিচালনা সমিতি গঠন কৰিবলৈ এক নিৰ্দেশনা জাৰি কৰিছিল বিদ্যালয় প্ৰধান সকললৈ। সেই নিৰ্দেশনাৰ নীতি অনুসৰি বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি আৰু সদস্যসকল কোনো দলীয় বিষয়ববীয়াৰ উপৰিও কোনো প্ৰতিনিধি হ’ৱ নোৱাৰিব।
শিক্ষা বিভাগৰ নিৰ্দেশনা অনুসৰি বিদ্যালয়ৰ আশে-পাশে থকা স্নাতক ডিগ্ৰীসম্পন্ন ব্যক্তিক সভাপতি হিচাপে নিৰ্বাচিত কৰিবলৈ নিৰ্দেশনা জাৰি কৰিছিল শিক্ষা বিভাগে। ইয়াৰোপৰি শিক্ষিত চাৰিজন ব্যক্তিৰ (প্ৰাৰ্থীৰ) নাম বাচনি কৰি পেনেল যোগে বিদ্যালয় পৰিদর্শক লৈ পঠোৱাৰ নিৰ্দেশনা দিয়া হৈছিল প্ৰধান শিক্ষকসকললৈ।