Home ৰাজ্যসনাতন ধৰ্ম পৃথিৱীৰ আটাইতকৈ পুৰণি ধৰ্ম, আটাইতকৈ কনিষ্ঠ ধৰ্ম হৈছে ইছলাম ধৰ্মঃড০ পীতাম্বৰ

সনাতন ধৰ্ম পৃথিৱীৰ আটাইতকৈ পুৰণি ধৰ্ম, আটাইতকৈ কনিষ্ঠ ধৰ্ম হৈছে ইছলাম ধৰ্মঃড০ পীতাম্বৰ

by News Desk
339 views
A+A-
Reset

চামগুৰিঃ নগাঁও জিলাৰ পুৰণিগুদামৰ আউনিআটীস্থিত এডলিয়াবৰ শাখা সত্ৰৰ মণিকূট আৰু ৰাঙলী চ’ৰা প্ৰতিষ্ঠা দিৱসৰ দেওবাৰে সামৰণি পৰে৷ সামৰণি অনুষ্ঠান উপলক্ষে প্ৰাক্তন মুখ্যমন্ত্ৰী, বঢ়মপুৰ সমষ্টিৰ বিধায়ক প্ৰফুল্ল কুমাৰ মহন্তৰ সভাপতিত্বত অনুষ্ঠিত হয় ধৰ্মালোচনী সভা৷ সভাত ঐতিহ্যমণ্ডিত অাউনিঅাটী সত্ৰৰ সত্ৰাধিকাৰ, সত্ৰীয়া সংস্কৃতিৰ একনিষ্ঠ সাধক ড০ পীতাম্বৰ দেৱ গোস্বামীয়ে মুখ্য অতিথি হিচাপে উপস্থিত থাকে৷ ড০ পীতাম্বৰ দেৱ গোস্বামীয়ে চৌৰাশী লক্ষ্য জীৱন পাৰ হোৱাৰ পাছত মানুহে জীৱন পায় বুলি কয়৷

মানুহৰ জীৱন অমূল্য এই অমূল্য জীৱনক ধৰ্মৰ জৰিয়তে পশুৰ পৰা পৃথক কৰি মানুহক শ্ৰেষ্ঠ বুলি কোৱা হৈছে সেয়েহে আমি ধৰ্ম পালন কৰি নিজৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰিব লাগিব৷ যি কথাই মানুহক ধৰি ৰাখে সেয়াই ধৰ্ম বুলি কোৱা হৈছে বুলিও কয়৷ তেও আৰু কয়, সত্ৰ অনুষ্ঠানৰ ইতিহাস অাছে৷ সত্ৰৰ বীজ শংকৰদেৱে ৰোপণ কৰি থৈ গ’ল৷ নৈমিষা অৰণ্যৰ উদাহৰণ দি ড০ গোস্বামীয়ে কয়, শুকমুণিয়ে ২৮ হাজাৰ ঋষিক ধৰ্ম কথা শুনাবলৈ একত্ৰিত কৰিছিল অাৰু সকলো মুনিয়ে তেওঁৰ কথা গুৰুত্ব সহকাৰে শুনি গৈছিল৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
₹0
Shipping & taxes may be re-calculated at checkout
₹0