নাৰায়ণপুৰঃ লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ ভোলাবৰীস্থিত নট সূৰ্য নাট্য সমাজৰ প্ৰেক্ষাগৃহত বুধবাৰে ১০ দিনীয়া এটি নাট কৰ্মশালাৰ শুভাৰম্ভ কৰা হয়। হেমচন্দ্ৰ ভূঞাৰ সভাপতিত্বত অনুস্থিত সভাত বিশিষ্ট নাট্যকাৰ-পৰিচালক প্ৰফুল্ল শইকীয়াই নাট কৰ্মশালা খনৰ শুভাৰম্ভ কৰে।
অনুপ শইকীয়া প্ৰডাকচনৰ সৌজন্যত আয়োজিত কৰ্মশালা খনৰ শুভাৰম্ভ অনুস্থানত নটসূৰ্য নাট্য সমাজৰ সম্পাদক সুৰেন তাছা, নাৰায়ণপুৰ প্ৰেছ ক্লাৱৰ সম্পাদক দিপান্ত কাকতি, সাংবাদিক নিত্যানন্দ বৰুৱা, শংকৰ মাধৱ সংগীত বিদ্যালয়ৰ অধ্যক্ষ পুলক বৰা, দয়াল কৃষ্ণ শইকীয়াৰ লগতে প্ৰশিক্ষক কুলেন্দু ৰায় চৌধুৰীয়ে অংশ গ্ৰহণ কৰে।