মিৰ্জা, ২২ জুলাইঃ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান মিৰ্জাস্থিত দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ প্ৰেক্ষাগৃহত এজাক শিশুৰ কলৰবে আজি মুখৰিত কৰিলে। স্বেচ্ছাসেৱী সংগঠন “ঐক্যতা” ৰ উদ্যোগত তৃতীয় বৰ্ষৰ বাবে যোৱা ৭ জুলাইৰ পৰা অনুষ্ঠিত হোৱা বিনামূলীয়া নাট কৰ্মশালাৰ কালি সফল সামৰণি পৰে।
এই উপলক্ষে আবেলি ৩ বজাত সমূহীয়া বন্তি প্ৰজ্বলনৰে সামৰণী অনুষ্ঠানৰ শুভাৰম্ভণী হয়। অনুষ্ঠানত পলাশবাৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া সুস্বপ্না কাকতি, পলাশবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সৈতেন্দ্ৰ সিং হাজাৰী, সাংবাদিকক্ৰমে দিপক কলিতা, ৰতন কলিতা, ঐক্যতাৰ সভাপতি ধৰ্মেন্দ্ৰ দাস আদিয়ে ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি প্ৰেৰণা মূলক ভাষণ দিয়াৰ লগতে উজ্বল ভৱিষ্যত কামনা কৰে।