59
মুম্বাইঃ ছনী টিভিৰ জনপ্ৰিয় কমেডী শ্ব’ ‘দা কপিল শৰ্মা শ্ব’ ৰ মুখ্য চৰিত্ৰত অভিনয় কৰা কপিল শৰ্মা এতিয়া সোমাই পৰিছে এটা নতুন বিতৰ্কত।
দৰাচলতে কপিল আৰু তেওঁৰ টীম বিমানেৰে অষ্ট্ৰেলিয়াৰ পৰা মুম্বাইলৈ আহি আছিল। তেনে সময়তে কমেডী কিং কপিলে বিনা কোনো কাৰণত তেওঁৰে সহ অভিনেতা সুনীল গ্ৰোভাৰৰ ওপৰত আক্ৰমণাত্মক হৈ উঠে।