গুৱাহাটীঃ কাইলৈ সমগ্ৰ অসমতে মুক্তি পাব "দূৰণিৰ নিৰলা পঁজা"৷ পৰিচালক ধ্ৰুৱজ্যোতি বৰদলৈৰ এইখন প্ৰথম চলচিত্ৰ৷

গতানুগতিক ছবিসমূহৰ পৰা ফালৰি কাটি দৈনন্দিন জীৱনত ঘটি থকা বাস্তৱ পটভূমিত এই ছবিখন নিৰ্মাণ কৰা হৈছে।

ছবিখনত অভিনয় কৰিছে মিণ্টু বৰুৱা, জয়শ্ৰী গোস্বামী, পাৰ্থ হাজৰিকা, বিভূতি ভূষণ হাজৰিকা আদিয়ে। ছবিখনৰ সংগীত টনি বসুমতাৰী আৰু উৎকৰ্ষ ধতেকাৰৰ।

ৰাজদ্বীপ ৰচিত গীতত কণ্ঠদান কৰিছে পাপনে৷ গুৱাহাটীৰ মুঠ ৭টা হ’লত মুক্তি দিয়াৰ উপৰিও যোৰহাট, তেজপুৰ, শিৱসাগৰ, মৰিগাও, ডিব্ৰুগড়, জাগীৰোড আদিকে ধৰি বিভিন্ন ঠাইত মুক্তি লাভ কৰিব "দূৰণিৰ নিৰলা পঁজা"ই৷

ছবিখনৰ প্ৰযোজনা সঞ্জীৱ নাৰায়ণৰ৷ ইতিমধ্যে প্ৰাগ চিনে এৱাৰ্ডছত চলচিত্ৰখনে কেইবাটাও পুৰস্কাৰ বুটলিবলৈ সমৰ্থ হৈছে। ভিন্ন চলচ্চিত্ৰ মহোৎসৱতো প্ৰদৰ্শিত হৈছে ছবিখন।  

কাইলৈ সমগ্ৰ ৰাজ্যতে মুক্তি লাভ কৰাৰ পূৰ্বে আজি গুৱাহাটী প্ৰেছ ক্লাবত এখন সংবাদ মেলৰ আয়োজন কৰি ছবিখনৰ কলা-কুশলী, অভিনেতাসকলে সকলোকে ছবিখন উপভোগ কৰিবলৈ আহ্বান জনায়৷