শিৱসাগৰঃ সাম্য-মৈত্ৰী আৰু বিশ্বজনীন ভাতৃপ্ৰেমৰ আদৰ্শ ধৰ্ম হৈছে ইছলাম। এই ধৰ্মই জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে সকলোৰে মাজত ভাতৃত্ববোধ স্থাপন কৰি একেডাল ডোলেৰে বান্ধিবলৈ প্ৰয়াস কৰে। শিৱসাগৰ দ্বিনী মাদ্ৰাছাৰ দাৰুল হাদিছৰ সৌজন্যত অনুষ্ঠিত প্ৰথম বাৰ্ষিক পবিত্র খতমে বুখাৰী শ্বৰীফ আৰু দ্বীনি জ্বলছাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে এছিয়াৰ খ্যাত দাৰুল উলুম দেওবন্দ মাদ্ৰাছাৰ হাদীছ শাস্ত্ৰৰ মুৰব্বী অধ্যাপক শ্বেইমুল হাদীছ হজৰত আল্লামা শ্বেইখ কমৰউদ্দিন আহমেদ চাহাবে এইদৰে কয়৷
ভাষণ প্ৰসংগত তেওঁ সাম্প্রতিক সময়ত মানুহৰ মাজত নৈতিকতাৰ, মানৱীয় মূল্যবোধৰ অৱনতি ঘটিছে বুলি কোৱাৰ লগতে এনে জটিল সন্ধিখনত হজৰত মহম্মদ (ছঃ)ৰ বিশ্ব ভাতৃত্ব আৰু সাম্যবাদৰ আদৰ্শ অনুকৰণৰ বাৰুকৈয়ে প্ৰাসংগিকতা আহি পৰিছে বুলি উল্লেখ কৰে।