শিৱসাগৰঃ শিৱসাগৰ নগৰৰ ব্ৰহ্মপুত্ৰ হোটেলত অ’এনজিচি পূৰ্বাঞ্চল এমপ্লয়িজ এছ’চিয়েচনে আজি এক সংবাদ মেল সম্বোধন কৰে। অ’এনজিচিৰ অন্তৰ্গত ১৪৭(এ) নং ৰিগত সংঘটিত দুৰ্ঘটনাক লৈ এতিয়া সামাজিক মাধ্যমৰ লগতে সংবাদ মাধ্যমত বিভিন্ন আলোচনা-সমালোচনা দেখা গৈছে। ইয়াৰ মাজত অএনজিচিত কৰ্মৰত কৰ্মচাৰীসকলৰ কল্যাণকামী অনুষ্ঠান পূৰ্বাঞ্চল এমপ্লয়িজ এছচিয়েচনৰ প্ৰতি উত্থাপন হোৱা অভিযোগ আজিৰ সংবাদ মেলত নস্যাৎ কৰে এছ’চিয়েচনৰ নেতৃত্বই।
১৪৭(এ) ৰিগত সংঘটিত দুৰ্ঘটনাৰ ফলত ব্যক্তিগত খণ্ডৰ কোম্পানীত কৰ্মৰত কৰ্মচাৰীসকলৰ নিয়োগত ধনৰ লেনদেনৰ লগতে এই কৰ্মচাৰী সকলৰ ভৱিষ্য নীধিৰ ধন হৰলুকি কৰাৰো অভিযোগ উত্থাপন হৈছিল সামাজিক মাধ্যমৰ লগতে বিভিন্ন সংবাদ প্ৰতিষ্ঠানত। এই অভিযোগত নাম সাঙোৰ খাইছিল অ’এনজিচি পূৰ্বাঞ্চল এমপ্লয়িজ এছচিয়েচনৰ লগতে এছচিয়েচনৰ সম্পাদক সঞ্জীৱ বৰুৱাৰ নাম। এছচিয়েচনৰ লগতে সম্পাদকৰ নাম সাঙুৰ খোৱাক লৈ আজি এক স্পষ্টীকৰণ প্ৰদান কৰে পূৰ্বাঞ্চল এছচিয়েচনে।
এইসমূহ অভিযোগ মনে সজা আৰু কোনো তথ্যৰ আধাৰত উত্থাপন হোৱা নাই বুলি সম্পাদক সঞ্জীৱ বৰুৱাই সদৰী কৰে। তেওঁ কয় যে এই অভিযোগসমূহৰ বিপৰীতে কিবা প্ৰমাণ আছে যদি প্ৰদান কৰক অন্যথা এচচিয়েচনে বিনা কাৰণত তেওঁলোকৰ নাম সাঙুৰি লোৱাৰ বাবে আইনী ব্যৱস্থা লবলৈ বাধ্য হ’ব। উল্লেখযোগ্য যে অ’এনজিচিয়ে ব্যক্তিগত খণ্ডক গতাই দিয়া তৈলক্ষেত্ৰ সমূহত কৰ্মচাৰী নিয়োগক লৈ অত অয়েল ফি ৱৰ্কাৰ্ছ এছচিয়েচন, অ’এনজিচি, শিৱসাগৰ নামৰ শ্ৰমিক সংগঠনটোৱে অএনজিচিৰ একাংশ বিষয়াক মেনেজ কৰি ব্যাপক ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপিত হৈ আহিছিল।
সৰ্বভাৰতীয় পৰ্যায়ত স্বীকৃতিপ্ৰাপ্ত কোনো শ্ৰমিক সংগঠনৰ অনুমোদিত অনুষ্ঠানৰূপে স্বীকৃতি নথকা এই স্বয়ম্ভূ শ্ৰমিক অনুষ্ঠানটো বিগত বৰ্ষৰ জুলাই মাহৰ পৰা পূৰ্বাঞ্চল এমপ্লয়িজ এছ’চিয়েচনৰ সৈতে জড়িত আছিল বুলি আজি সম্পাদক বৰুৱাই সংবাদ মেলত সদৰী কৰাত এক মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। কিয়নো পূৰ্বাঞ্চল এমপ্লয়িজ এছ’চিয়েচন নিজে ‘ইণ্ডিয়ান নেচনেল ট্ৰেড ইউনিয়ন কংগ্ৰেছ’ৰ স্বীকৃতিপ্ৰাপ্ত সংগঠন আৰু এই সংগঠনৰ নিজাববীয়াকৈ কোনো আন সংগঠনক স্বীকৃতি প্ৰদানৰ কৰ্তৃত্ব নাই। তেনেস্থলত ৱৰ্কাৰ্ছ এছচিয়েচন, অ’এনজিচি, শিৱসাগৰক পূৰ্বাঞ্চল এমপ্লয়িজ এছ’চিয়েচনে কিয় লগত ৰাখিছিল তাক লৈ উত্থাপন হৈছে প্ৰশ্নৰ। এই প্ৰসংগত ৱৰ্কাৰ্ছ এছচিয়েচন, অ’এনজিচি, শিৱসাগৰৰ নাম অনিয়ম সংঘটিত কৰা বুলি সাঙোৰ খাইছিল।
শ্ৰমিক সংগঠনৰ নেতৃত্বই ধনৰ বিনিময়ত ব্যক্তিগত খণ্ডৰ তৈল কোম্পানীত চাকৰি প্ৰদান আৰু ভৱিষ্য নিধিৰ ধন হৰলুকি কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হোৱাৰ পাছত এই শ্ৰমিক সংগঠন অএনজিচি পূৰ্বাঞ্চল এমপ্লয়িজ এচচিয়েচনৰ লগত বিগত বৰ্ষৰ জুলাই মাহৰ পৰা জড়িত হৈ থকাৰ প্ৰশ্নই এক নতুন দিশ উন্মোচিত কৰিছে। এতিয়া ৰাইজৰ মনত প্ৰশ্ন উত্থাপন হৈছে সামাজিক মাধ্যমত চলা এই প্ৰচাৰ আংশিক সত্য নেকি? কৰ্মচাৰী নিয়োগত ধনৰ লেনদেন সংঘটিত হৈছে নেকি? কৰ্মচাৰীৰ কল্যাণৰ বাবে গঠিত সংগঠন এতিয়া এই কৰ্মচাৰীসকলৰ ভক্ষক হৈ পৰিছে নেকি!
অৱশ্যে আজিৰ সংবাদ মেলত অ’এনজিচিয়ে পূৰ্বাঞ্চল এমপ্লয়িজ এছচিয়েচন বাৰীচুকস্থিত ১৪৭(এ) নং ৰীগত সংঘটিত দুৰ্ঘটনাৰ সঠিক তদন্তৰ দাবী কৰাৰ লগতে এই গাফিলতিৰ বাবে সংশ্লিষ্ট পক্ষৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ পোষকতা কৰে। লগতে অঞ্চলটোৰ ক্ষতিগ্ৰস্ত লোকক ক্ষতিপূৰণ দিয়াৰো সজোৰ দাবী তুলে সংগঠনটোৱে। এছ’চিয়েচনে কোনো তৈলক্ষেত্ৰত কৰ্মচাৰীৰ সুৰক্ষাৰ ক্ষেত্ৰত কোনো বুজাবুজি নকৰিবলৈ অএনজিচিৰ লগতে ব্যক্তিগত খণ্ডৰ কোম্পানী সমূহৰ প্ৰতি আহবান জনায়।
সংবাদমেললৈ গৈ অপদস্থ হ’ল সাংবাদিক!
আজি উক্ত সংবাদমেললৈ গৈ অপ্ৰীতিকৰ পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়াত পৰে সাংবাদিক। অ’এনজিচি পূৰ্বাঞ্চল এমপ্লয়িজ এছ’চিয়েচনে এই সংবাদ মেল অ’এনজিচি ক’লনিৰ ভিতৰত থকা তেওঁলোকৰ কাৰ্যালয়ত অনুষ্ঠিত হ’ব বুলি নিমন্ত্ৰণ জনাইছিল। উক্ত নিমন্ত্ৰণ ৰক্ষা কৰি এচচিয়েচনৰ কাৰ্যালয়লৈ সাংবাদিক সকল যাওঁতে কলনি গেটত থকা সুৰক্ষাকৰ্মীয়ে কেমেৰা সহিত সাংবাদিকৰ প্ৰৱেশত বাধা প্ৰদান কৰি কেমেৰা পৰ্যন্ত কাঢ়ি লোৱাৰ চেষ্টা কৰে।
উপস্থিত সাংবাদিকে পূৰ্বাঞ্চল এমপ্লয়িজ এচচিয়েচনৰ নিমন্ত্ৰণৰ বাবে সংবাদ মেলত অংশগ্ৰহণ কৰিবলৈ অহা বুলি বাৰম্বাৰ কোৱাৰ পাছতো গাতে লাগি থকা এচচিয়েচনৰ কাৰ্যালয়ত উপস্থিত বিষয়ববীয়াক সোধাৰ প্ৰয়োজন অনুভৱ নকৰে। গেটত সাংবাদিকক প্ৰৱেশ কৰিবলৈ নিদি অভব্য আচৰণ কৰা সুৰক্ষা কৰ্মীসকলৰ বিৰুদ্ধে উপস্থিত সাংবাদিক সৰৱ হৈ পৰাত এনে মান নোহোৱা স্থানত উপস্থিত নাথাকো বুলি স্পষ্ট কৰি দিয়াত অ’এনজিচি পূৰ্বাঞ্চল এমপ্লয়িজ এছচিয়েচনে সংবাদ মেলখন হোটেল ব্ৰহ্মপুত্ৰলৈ নিবলৈ বাধ্য হয়।