নতুন দিল্লীঃ ২০১৪ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বেই বিদেশত জমা ধকা ক’লা ধন ঘূৰাই আনি প্ৰত্যেক ভাৰতীয়ৰ বেংক একাউণ্টত ১৫-১৫ লাখ টকা জমা কৰাৰ প্ৰতিশ্ৰুতি দিছিল নৰেন্দ্ৰ মোদীয়ে। তেওঁৰ সেই অন্যতম জনপ্ৰিয় প্ৰতিশ্ৰুতিয়ে দিল্লীত চৰকাৰ পৰিৱৰ্তনত গ্ৰহণ কৰিছিল গুৰুত্বপূৰ্ণ ভূমিকাও। অৱশ্যে এতিয়া চুইছ চেণ্ট্ৰেল বেংকৰ পৰা শেহতীয়াকৈ প্ৰকাশ পোৱা তথ্যই প্ৰধানমন্ত্ৰী মোদীৰ প্ৰতিশ্ৰুতিৰ বাস্তৱতাক লৈ নতুন প্ৰশ্নৰ উত্থাপন কৰিছে।
২০২৪ চনত ভাৰতীয়সকলে চুইছ বেংকত জমা কৰা ধনৰ পৰিমাণ তিনিগুণতকৈও অধিক বৃদ্ধি পাই প্ৰায় ৩৭,৬০০ কোটি টকা (৩.৫৪ বিলিয়ন চুইছ ফ্ৰাংক) হৈ পৰিছে, যিটো ২০২১ চনৰ পিছত সৰ্বাধিক। চুইছ নেচনেল বেংকে (এছএনবি) এই তথ্য ১৯ জুনত প্ৰকাশ কৰিছিল। পিটিআইৰ প্ৰতিবেদন অনুসৰি এই বৃহৎ বৃদ্ধিৰ অধিকাংশই ব্যক্তিগত গ্ৰাহকৰ একাউণ্টৰ পৰা নহয়, বেংক চেনেল আৰু অন্যান্য বিত্তীয় প্ৰতিষ্ঠানৰ জৰিয়তে জমা কৰা ধনৰ পৰাই হৈছে।
ভাৰতীয় গ্ৰাহকৰ পোনপটীয়াকৈ জমা ধনৰ পৰিমাণ অৱশ্যে সামান্য বৃদ্ধি পাইছে। তথ্য অনুযায়ী এই পৰিমাণ ১১ শতাংশ বৃদ্ধি পাই প্ৰায় ৩,৬৭৫ কোটি টকা (৩৪৬ মিলিয়ন চুইছ ফ্ৰাংক) হৈছে। লক্ষণীয় কথাটো হ’ল, এই জমা ধন ছুইজাৰলেণ্ডৰ বেংকত ভাৰতীয়ৰ মুঠ ধনৰ দহ ভাগৰ মাত্ৰ এভাগহে। এছ এন বিৰ তথ্য অনুসৰি মুঠ ৩,৫৪৫.৫৪ মিলিয়ন চুইছ ফ্ৰাংকে ভাৰতীয় গ্ৰাহকৰ প্ৰতি চুইছ বেংকৰ সকলো দায়বদ্ধতা প্ৰতিফলিত কৰে।
ইয়াৰে ৩.০২ বিলিয়ন চুইছ ফ্ৰাংক অন্য বেংকৰ জৰিয়তে, ৩৪৬ মিলিয়ন চুইছ ফ্ৰাংক গ্ৰাহকৰ একাউণ্টত, ৪১ মিলিয়ন চুইছ ফ্ৰাংক ফিডুচিয়াৰী বা ট্ৰাষ্টৰ জৰিয়তে আৰু ১৩৫ মিলিয়ন চুইছ ফ্ৰাংক অন্যান্য বিত্তীয় যন্ত্ৰ যেনে বণ্ড আৰু ছিকিউৰিটিত ৰখা হৈছে। মন কৰিবলগীয়া যে, ২০২৩ চনত এই পুঁজিৰ পৰিমাণ ৭০ শতাংশ হ্ৰাস পাই ১.০৪ বিলিয়ন চুইছ ফ্ৰাংক হৈছিল, যিটো যোৱা চাৰি বছৰৰ ভিতৰত সৰ্বনিম্ন। গতিকে এই বছৰৰ বৃদ্ধিক এক উল্লেখযোগ্য প্ৰত্যাৱৰ্তন হিচাপে দেখা গৈছে যদিও ২০০৬ চনত সৰ্বকালৰ সৰ্বোচ্চ ৬.৫ বিলিয়ন চুইছ ফ্ৰাংকৰ তুলনাত এতিয়াও বহু তলত।
এছ এন বিৰ পৰা এই তথ্য বেংকৰ চৰকাৰী প্ৰতিবেদনৰ ভিত্তিত দিয়া হৈছে আৰু ইয়াত কথিত ক’লা ধন বা অন্য দেশৰ সত্তাৰ জৰিয়তে ৰখা একাউণ্টৰ সবিশেষ প্ৰকাশ কৰা হোৱা নাই। চুইজাৰলেণ্ডৰ বিষয়াসকলে বাৰে বাৰে কৈ আহিছে যে এই ধনৰাশি স্বয়ংক্ৰিয়ভাৱে অবৈধ বুলি ক’ব নোৱাৰি। চুইজাৰলেণ্ডৰ কৰ্তৃপক্ষই কয় যে, “ছুইজাৰলেণ্ডত ভাৰতীয় বাসিন্দাসকলৰ হাতত থকা সম্পত্তিক ‘ক’লা ধন’ বুলি গণ্য কৰিব নোৱাৰি। কৰ জালিয়াতি আৰু কৰ ফাঁকি ৰোধ কৰিবলৈ ছুইজাৰলেণ্ডে ভাৰতৰ সৈতে সক্ৰিয়ভাৱে সহযোগিতা আগবঢ়াইছে।”
উল্লেখ্য যে, ছুইজাৰলেণ্ডে স্বয়ংক্ৰিয় তথ্য বিনিময় চুক্তিৰ অধীনত ২০১৮ চনৰ পৰা ভাৰতীয় বাসিন্দাসকলৰ বাৰ্ষিক বিত্তীয় বিৱৰণী ভাৰতৰ সৈতে ভাগ-বতৰা কৰি আহিছে। ২০১৯ চনৰ ছেপ্টেম্বৰ মাহত ভাৰতীয় কৰ্তৃপক্ষৰ হাতত প্ৰথম তথ্য অৰ্পণ কৰা হৈছিল। তাৰ পিছৰে পৰা নিয়মীয়াকৈ তথ্য বিনিময় অব্যাহত আছে, য’ত বিত্তীয় অনিয়মৰ সৈতে সন্দেহযুক্ত লিংক থকা একাউণ্টৰ তথ্যও অব্যাহত আছে।
চুইজাৰলেণ্ডৰ বিষয়াসকলৰ মতে, “এতিয়ালৈকে শ শ গোচৰত এনে তথ্যৰ আদান-প্ৰদান কৰা হৈছে।” ইফালে, ভাৰতীয়সকলৰ চুইছ বেংকত জমা কৰা ধনৰ পৰিমাণ যথেষ্ট বৃদ্ধি পোৱাৰ বিপৰীতে সামগ্ৰিকভাৱে চুইজাৰলেণ্ডৰ বেংকত বিদেশী গ্ৰাহকৰ হাতত থকা মুঠ ধন কিছু হ্ৰাস পাইছে। ২০২৩ চনত ৯৮৩ বিলিয়ন চুইছ ফ্ৰাংকৰ তুলনাত ২০২৪ চনত ইয়াৰ মূল্য ৯৭৭ বিলিয়ন চুইছ ফ্ৰাংক আছিল।
২০২৩ চনৰ শেষৰ ফালে ভাৰতীয় গ্ৰাহকৰ মুঠ সম্পত্তি আছিল ১.৫৯ বিলিয়ন চুইছ ফ্ৰাংক, যিটো পূৰ্বৰ বছৰৰ তুলনাত আছিল প্ৰায় ৯% বৃদ্ধি। ছুইজাৰলেণ্ডৰ বেংকত পুঁজি ৰখাৰ ক্ষেত্ৰত ভাৰতে বিশ্বজুৰি ৬৭ নম্বৰৰ পৰা ৪৮ নম্বৰলৈ উন্নীত হৈছে। অন্যহাতে, চুবুৰীয়া দেশসমূহৰ ভিতৰত পাকিস্তানৰ পুঁজি ২৭২ মিলিয়ন চুইছ ফ্ৰাংকলৈ হ্ৰাস পোৱাৰ বিপৰীতে বাংলাদেশৰ পুঁজি যথেষ্ট বৃদ্ধি পাই ৫৮৯ মিলিয়ন চুইছ ফ্ৰাংক হৈছে।
মন কৰিবলগীয়া কথাটো হ’ল, চুইজাৰলেণ্ডৰ একাউণ্টত ক’লা ধনক লৈ হোৱা বিতৰ্ক ভাৰত, পাকিস্তান, বাংলাদেশ তিনিওখন দেশতে এক স্পৰ্শকাতৰ বিষয়। ইফালে বেংক ফৰ ইণ্টাৰনেশ্যনেল ছেটেলমেণ্টৰ তথ্যই ছুইজাৰলেণ্ডৰ বেংকসমূহত ভাৰতীয় নন-বেংকিং গ্ৰাহকৰ পৰা জমা আৰু ঋণ বৃদ্ধিৰ ইংগিতো প্ৰকাশ কৰিছে। এই পুঁজি ২০২৪ চনত ৬% বৃদ্ধি পাই ৭৪.৮ মিলিয়ন মাৰ্কিন ডলাৰ (প্ৰায় ৬৫০ কোটি টকা) হৈ পৰিছে। ইয়াৰ পূৰ্বে এই পুঁজিৰ পৰিমাণ একেৰাহে তিনি বছৰ ধৰি হ্ৰাস পাইছিল।