Home অন্যান্য খবৰনাগৰিকত্ব (সংশোধনী) বিধেয়ক, ২০১৬ : হিন্দু ৰাষ্ট্ৰৰ লাইখুঁটা

নাগৰিকত্ব (সংশোধনী) বিধেয়ক, ২০১৬ : হিন্দু ৰাষ্ট্ৰৰ লাইখুঁটা

by News Desk
75 views
A+A-
Reset

► হেমন্ত ফুকন
নাগৰিকত্ব (সংশোধনী) বিধেয়ক, ২০১৬ক লৈ তৎপৰ কেন্দ্ৰীয় চৰকাৰ। ২০১৪ চনত কেন্দ্ৰত বিজেপি চৰকাৰ অহাৰ পাছত দলটোৱে দেশত হিন্দুত্ববাদৰ প্ৰসাৰতাৰ বাবে দুটা প্ৰতিশ্ৰুতি পালন কৰিবলগীয়া আছিল। প্ৰথমটো অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণ আৰু দেশ নিৰ্বিশেষে বিশ্বৰ সকলো হিন্দুকে তেওঁলোকৰ ইচ্ছা অনুযায়ী ভাৰতৰ নাগৰিকত্ব গ্ৰহণৰ সুবিধা কৰি দিয়াটো। কিন্তু ৰাম মন্দিৰৰ ক্ষেত্ৰত ন্যায়িক বাধা-নিষেধ থকাৰ বাবে চৰকাৰে একো কৰিব পৰা নাই। আনহাতে, বাংলাদেশ, পাকিস্তান, আফগানিস্তানৰ হিন্দুসকলৰ বাবে ভাৰতীয় নাগৰিকত্বৰ বাট মুকলি কৰিবলৈ ২০১৬ চনত নাগৰিকত্ব (সংশোধনী) বিধেয়ক সংসদত উত্থাপন কৰা হয়। অৱশ্যে এই প্ৰস্তাৱক কিছু ধৰ্মনিৰপেক্ষ ৰূপ দিবলৈ হিন্দুৰ লগতে শিখ, জৈন, বৌদ্ধ, পাৰ্চি আৰু খ্ৰীষ্টানকো অন্তৰ্ভুক্ত কৰা হ’ল।

হিন্দুধৰ্মপ্ৰধান দেশ হিচাপে সামগ্ৰিকভাৱে প্ৰস্তাৱটোত কোনো বিতৰ্ক থাকিব নালাগে। অৱশ্যে ই ভাৰতৰ সংবিধানৰ ধৰ্মনিৰপেক্ষতাৰ ধ্বজাটোতে আপোচ কৰা হ’ব। ৰাষ্ট্ৰীয় প্ৰেক্ষাপট বিচাৰ নকৰি অসমৰ কথা চিন্তা কৰিলে এই বিধেয়কখনে ৰাজ্যৰ বাবে হ’ব কাল অমানিশা। সেয়ে ইয়াক লৈ অসমত দেখা গৈছে প্ৰৱল বিৰোধিতা। ইয়াৰ স্পষ্ট উমান পোৱা গৈছিল বিধেয়কখনৰ সন্দৰ্ভত যুটীয়া সংসদীয় কমিটীয়ে সাক্ষ্য গ্ৰহণ কৰিবলৈ গুৱাহাটীলৈ অহাৰ সময়ত। এই বিধেয়কৰ বিৰোধিতাৰে ব্ৰহ্মপুত্ৰ উপত্যকাৰ দল-সংগঠনসমূহে কমিটীৰ আগত সাক্ষ্য দান কৰিছিল। বহু লোকে ব্যক্তগতভাৱেও স্মাৰক-পত্ৰ প্ৰদান কৰি ইয়াৰ বিৰোধিতা কৰিছিল। ইয়াৰ পাছত যোৱা ২৩ অক্টোবৰত ৰাজ্যখনৰ ছয় দশকৰো অধিক সংগঠনে এই বিধেয়কৰ বিৰোধিতাৰে দিয়া ১২ ঘণ্টীয়া অসম বন্ধৰ অভূতপূৰ্ব সফলতাই অসমীয়া যে বিধেকখনক লৈ সঁচাকৈ শংকিত তাৰ স্পষ্ট প্ৰমাণ পোৱা গ’ল। কোনো কোনোৱে শৰীৰত শেষ বিন্দু তেজ থকালৈকে বিধেয়কখনৰ বিৰোধিতা কৰি যাব বুলি হুংকাৰো দিছে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0