অভয়াপুৰীঃ দূৰৰ পৰা দেখিলে বৰফে আৱৰি থকা এখন পাহাৰ যেন লাগে৷ শুভ্ৰ বৰফৰ আচ্ছাদনে যেন হাত বাউলি হে মাতিছে আপোনাক-মোক৷ ওচৰ পালেহে গম পোৱা যায় সেইখন বৰফে আৱৰি ৰখা পাহাৰ নহয় এখন হাবিৰ গছবোৰৰ ডালে পাতে সেইবোৰ বগলী হে৷
“বগলী ব’গা ফোট দি যা, ৰঙা ফোট নালাগে সেন্দুৰৰ.. ক’লা ফোট নালাগে এন্ধাৰৰ… বগলী ব’গা ফোট দি যা” সঁচাকৈ যেন বগা ফোট দিবলৈ আহিছে পৰিভ্ৰমী হাজাৰ হাজাৰ বগলীয়ে৷ বগলীৰ শুকুলা আচঁলেৰে শুভ্ৰ এডৰা বাঁহনি। বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ নিকটৱৰ্তী কেৰখাবাৰীত ৩১নং (খ)ৰাষ্ট্ৰীয় ঘাইপথৰ দাতিৰ এখন বাঁহনি হাজাৰ হাজাৰ বগুলীৰে শুভ্ৰ হৈ পৰিছে।