নগাঁওঃ ত্যাগ, ভাতৃত্ববোধ আৰু ঐক্য-সংহতিৰ চানেকী বহন কৰা ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ উৎসৱ ঈদ-উল-ফিতৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে নগাঁৱতো আজি ব্যাপক উৎসাহ-উদ্দীপনাৰ মাজেৰে উদযাপন কৰা হয়।অত্যাৱশ্যকীয় সামগ্ৰীৰ গগণচুম্বী দাম বৃদ্ধিয়ে লক্ষণীয়ভাৱে আৰ্থিক দিশত যথেষ্ট পৰিমাণে মাধমাৰ শোধালেও ঈদ উপলক্ষে ধনী-দুখীয়া সকলোয়ে পুৱাৰে পৰা অতিকে ব্যস্ত হৈ পৰাত সৰ্বতে উৎসৱ মুখৰ পৰিবেশ সৃষ্টি হোৱা দেখা গ’ল।
ৰূপহীহাট,ধিং,কদমনি,ধূপগুৰি,ডুমডুমীয়া,জাজৰি,পাঘালী,নিচানতল,টুকটুকী,বৰিবজাৰ,হাতীযুঁজোৱা,আলিটাঙুনী,ভকতগাঁও,বৰভেটী,গৰৈমাৰী,শিমলুগুৰি,ৰৌমাৰী,টকৌবাৰী,বাতমাৰী,কাতিমাৰী,সোণাইঘাট,শিলঙনি,শিঙাৰী,চলচলি,হেৰাপটি,বালিকটীয়া,পানীখাইতি,ৰাঙলু,বেঙেনাআটি,চামগুৰি,পুৰণিগুডাম,কচুৱা আদি মুছলমান বসতিপূৰ্ণ এলেকাবোৰত থকা সকলো ঈদগাহ,সানকাহ আৰু মছজিদত ইছলাম ধৰ্মাৱলম্বী লোকসকলে পুৱাৰ ভাগত পবিত্ৰ ঈদ-উল-ফিতৰৰ ওৱাজেব নামাজ সম্পন্ন কৰাৰ লগতে এই পবিত্ৰ দিনটোয়ে এক শান্তিৰ বাতাৱৰণ কঢ়িয়াই অনাৰ পৰম আশাৰে আল্লাৰ ওচৰত দোৱা কৰে ৷