newsnextone.com । দক্ষিণ শালমাৰাঃ   দক্ষিণ শালমাৰা মানকাচৰ  জিলাৰ মানকাচৰত আজি ত্যাগৰ উৎসৱ পবিত্ৰ ঈদ-উজ-জোহা উলহ মালহেৰে পালন কৰা হয়৷ মানকাচৰ চহৰৰ মিৰজুমুলা মাজাৰ শৰীফ ঈদগাহত পুৱা ৮.৩০বজাত ঈদ-উজ-জোহা উপলক্ষে অনুষ্ঠিত হোৱা বিশেষ ওৱাজিব নামাজ অনুষ্ঠিত হয়৷

নামাজত ইমামতি  কৰে ইমাম মৌলানা জহিৰুল ইছলামে৷ প্ৰায় দহ সহস্ৰাধিক লোকে অংশ গ্ৰহণ কৰা এই নামাজৰ পূৰ্বে ইমামে ঈদ-উজ-জোহাৰ তাৎপৰ্য বৰ্ণনা কৰে আৰু শেষত বিশ্ব শান্তিৰ বাবে দোৱা-প্ৰাৰ্থনা কৰে ৷

আনহাতে নামাজৰ অন্তত ইজনে সিজনক আলিংগন কৰি ঈদৰ শুভেচ্ছা জ্ঞাপন কৰে ৷ ইফালে জিলাখনৰ হাটশিঙিমাৰী, দিয়াৰা, কাকৰীপাৰা, ঝাউডাঙা, আদি ভিন্ন প্ৰান্ততো ঈদ-উজ-জোহা পালন কৰা হয় ৷