Printer-friendly version

ওদালগুৰিঃ বুধবাৰে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পৱিত্ৰ উৎসৱ ঈদ-উল-ফিটৰ। এমাহজোৰা ৰোজাৰ অন্তত আপোনজন তথা বিশ্বশান্তি কামনাৰে আজি পুৱাতেই মছজিদ সমূহত পৱিত্ৰ ঈদৰ নামাজ আদায় কৰিলে ইছলাম ধৰ্মাৱলম্বী লোকসকলে। 

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ওদালগুৰিৰ বিভিন্ন মছজিদ সমূহতো আজি পুৱাতেই দেখা গ'ল উখল মাখল পৰিৱেশ। ওদালগুৰি সদৰস্থিত টাউন জামে মছজিদতো জিলাখনৰ বিভিন্ন প্ৰান্তৰপৰা অহা লোকসকলে কেন্দ্ৰীয়ভাৱে ঈদৰ নামাজ আদায় কৰে। একেদৰে ওদালগুৰি জিলাখনৰ বিভিন্ন প্ৰান্তত অৱস্থিত মছজিদসমূহতো পুৱাই ঈদৰ নামাজত অংশগ্ৰহণ কৰে সহস্ৰজনে। 

কিন্তু ইয়াৰ মাজতে ওদালগুৰি জিলা সদৰৰ সমীপৱৰ্তী ৰাণীপুখুৰী আঞ্চলিক ঈদগাহত দেখা গ'ল এক ব্যতিক্ৰমী দৃশ্য। পুৱাই ঈদৰ নামাজত অংশগ্ৰহণ কৰি আল্লাহৰ ওচৰত প্ৰকৃতি ৰক্ষাৰ বাবে দোৱা কৰে ইছলাম ধৰ্মাৱলম্বী লোকসকলে। সেইহেতুকে পৱিত্ৰ ঈদৰ নামাজৰ পাছতেই হাতত গছৰ পুলি লৈ প্ৰকৃতি ৰক্ষাৰ স্বাৰ্থত গছপুলিসমূহ ৰোপন কৰে। 

ৰানীপুখুৰী আঞ্চলিক ঈদ গাহ পৰিচালনা সমিতিৰ সভাপতি মস্তফা কামাল, উপ-সভাপতি জিয়াউৰ ৰহমান, সম্পাদক ৰেজ্জাক আলীসহ কেইবাজনো বিষয়বৱীয়াই সাংবাদিকৰ আগত প্ৰকাশ কৰি কয় যে পৃথিৱী ৰক্ষা হ'লেহে আমি জীয়াই থাকিব পাৰিম। সেয়েহে আজি পৱিত্ৰ ঈদৰ সমান্তৰালভাৱে বিশ্ব পৰিৱেশটি উদযাপন কৰা হৈছে। 

গছ-গছনি জীয়াই থাকিলেহে প্ৰাণী জীয়াই থাকিব। সেয়েহে দুয়োটা দিৱসৰ এই পৱিত্ৰ ক্ষণত সকলোৱে মিলি প্ৰকৃতি ৰক্ষাৰ পণ লৈ আগবঢ়াৰ সংকল্প গ্ৰহণ কৰিছে। এনেদৰে প্ৰকৃতি ৰক্ষাৰ চিন্তাৰ ব্যতিক্ৰমীভাৱে ঈদ উদযাপন কৰাৰ বাবে প্ৰকৃতিপ্ৰেমী আৰু সচেতন মহলে একেমুখে প্ৰংশসা কৰে।

অঞ্জনজ্যোতি শৰ্মা, ওদালগুৰি