nnewsnextone.com । নগাঁওঃ ভাতৃত্ববোধ,ত্যাগ আৰু ঐক্য-সংহতিৰ চানেকি বহন কৰা ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ উৎসৱ ঈদ-উজ-জোহা বা বকৰিদ আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে নগাঁও জিলাটো পালন কৰা হ’ব ৷ সেয়ে এই পবিত্ৰ দিনটোতে এক শান্তিৰ বাতাবৰণ কঢ়িয়াই অনাৰ পৰম আশাৰে সমগ্ৰ ইছলাম ধৰ্মাৱলম্বী লোকসকল নামি পৰিছে পবিত্ৰ ঈদ-উজ-জোহা পালনৰ বাবে ৷
তদনুযায়ী জিলাখনৰ সৰ্বত্ৰে এই উৎসৱক কেন্দ্ৰ কৰি সৃষ্টি হৈছে ওখল-মাখল পৰিবেশ ৷ বৰ্তমান অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী দাম বৃদ্ধিয়ে সকলোকে লক্ষণীয়ভাবে আৰ্থিক দিশত যথেষ্ট পৰিমাণে মাধমাৰ শোধোৱাত ঈদৰ আনন্দ-উছাহ ভালেখিনি ম্লান পৰিছে যদিও ঈদ-উজ-জোহাৰ প্ৰাকক্ষণত ঈদগাহ পৰিচালনা কমিটিবোৰে ঈদগাহ ময়দান আৰু মছজিদসমূহ আটকধুনীয়াকৈ সু-সজ্জিত কৰি তোলাৰ উপৰিও ঠায়ে ঠায়ে তোৰণ আদি স্থাপনেৰে ঈদ-উজ-জোহাৰ শুভেচ্ছা জনোৱাৰ বিপৰীতে চৌপাশে এক মনোমোহা পৰিবেশৰ উদ্ভৱ হোৱা দেখিবলৈ পোৱা গৈছে ৷