nnewsnextone.com । নগাঁওঃ ভাতৃত্ববোধ,ত্যাগ আৰু ঐক্য-সংহতিৰ চানেকি বহন কৰা ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ উৎসৱ ঈদ-উজ-জোহা বা বকৰিদ আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে নগাঁও জিলাটো পালন কৰা হ’ব ৷ সেয়ে এই পবিত্ৰ দিনটোতে এক শান্তিৰ বাতাবৰণ কঢ়িয়াই অনাৰ পৰম আশাৰে সমগ্ৰ ইছলাম ধৰ্মাৱলম্বী লোকসকল নামি পৰিছে পবিত্ৰ ঈদ-উজ-জোহা পালনৰ বাবে ৷

তদনুযায়ী জিলাখনৰ সৰ্বত্ৰে এই উৎসৱক কেন্দ্ৰ কৰি সৃষ্টি হৈছে ওখল-মাখল পৰিবেশ ৷ বৰ্তমান অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী দাম বৃদ্ধিয়ে সকলোকে লক্ষণীয়ভাবে আৰ্থিক দিশত যথেষ্ট পৰিমাণে মাধমাৰ শোধোৱাত ঈদৰ আনন্দ-উছাহ ভালেখিনি ম্লান পৰিছে যদিও ঈদ-উজ-জোহাৰ প্ৰাকক্ষণত ঈদগাহ পৰিচালনা কমিটিবোৰে ঈদগাহ ময়দান আৰু মছজিদসমূহ আটকধুনীয়াকৈ সু-সজ্জিত কৰি তোলাৰ উপৰিও ঠায়ে ঠায়ে তোৰণ আদি স্থাপনেৰে ঈদ-উজ-জোহাৰ শুভেচ্ছা জনোৱাৰ বিপৰীতে চৌপাশে এক মনোমোহা পৰিবেশৰ উদ্ভৱ হোৱা দেখিবলৈ পোৱা গৈছে ৷

জিলাখনৰ  পশ্চিম প্ৰান্তৰ জাজৰি,পাঘালী,দলংঘাট,নিচানতল,শিলপুখুৰী,টুকটুকী,বৰিবজাৰ,কদমনি,ধূপগুৰি,বেছামাৰী,হাতীযুঁজোৱা,শিঙাৰী,গৰৈমাৰী,ভকতগাঁও,আলিটাঙনী,টকৌবাৰী,শিমলুগুৰি,বৰভেটি,চলচলি,সোণাইঘাট,ধনীয়াভেটি,দক্ষিণপাট আদি অঞ্চলত থকা ঈদগাহ ময়দানবোৰত ঈদৰ দিনা পুৱাৰ ভাগত নামাজ আদায় কৰাৰ প্ৰস্তুতি ইতিমধ্যে সম্পুৰ্ণ কৰি তুলিছে পৰিচালনা সমিতিবোৰে ৷

তদুপৰি পবিত্ৰ বকৰিদৰ পৰম্পৰা অনুসৰি বিত্তৱানসকলে যিয়ে যেনেকৈ পাৰে সাধ্যানুসৰি জীৱ-জন্তু মজুত কৰি ৰাখিছে কোৰবানিৰ নিমিত্তে ৷ ইফালে,নিজৰ পৰিয়াল তথা প্ৰিয়জনক বস্ত্ৰ উপহাৰ দিয়া আৰু পবিত্ৰ ঈদ-উজ-জোহাৰ দিনটোত এসাজ ভালদৰে উদৰ পূৰাই খোৱাৰ উদ্দেশ্যে দোকান-বজাৰৰ প্ৰতিটো গলিয়ে গলিয়ে আজি যথেষ্ট ভিৰ কৰা পৰিলক্ষিত হয় ৷

ঈদ-উজ-জোহাৰ পবিত্ৰ দিনটোক আনন্দ-উৎসাহৰ দিন বুলি মুছলমান সমাজত অতীজৰে পৰা গণ্য কৰি অহা হৈছে যদিও বহু দুখীয়া আৰু নিম্ন মধ্যবিত্ত পৰিয়ালৰ মাজত ঈদৰ ৰং-তামাচা তথা স্ফূৰ্তি ভালিখিনি হ্ৰাস পাইছে সম্প্ৰতি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বাবে ৷