খেৰণিঃ কাৰ্বি আংলং জিলাত ক্ৰমাৎ তীব্ৰতৰ হৈ পৰিছে নিৰ্বাচনী বতাহ। নিৰ্বাচনৰ দিন যিমানেই চমু চাপিছে সিমানেই ৰাজনৈতিক দলসমূহৰ মাজত বৃদ্ধি পাইছে নিৰ্বাচনী যুঁজৰ তৎপৰতা৷ পৰিপ্ৰেক্ষিতত দল তথা ৰাজনৈতিক নেতাসকলে ইজনে-আনজনক আক্ৰমণ-প্ৰতি আক্ৰমণেৰে নামি পৰিছে নিৰ্বাচনী প্ৰচাৰ অভিযানত।

এই নিৰ্বাচনী প্ৰচাৰ আৰু অভিযানৰ অংশ হিচাপে পশ্চিম কাৰ্বি আংলঙৰ ভিন্ন প্ৰান্তত দেখিবলৈ পোৱা গ’ল কংগ্ৰেছৰ কেইবাখনো নিৰ্বাচনী প্ৰচাৰ সভা। আনহাতে পৰিষদীয় ৮ নং হামৰেণ সমষ্টিৰ ভিন্ন প্ৰান্তত নিৰ্বাচনী ৰণশিঙা বজোৱা দেখা গ'ল বিজেপিক।

উল্লেখ্য যে আজি ডংকামোকাম, খেৰণি আদিত কংগ্ৰেছে আয়োজন কৰা সভাত অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সভাপতি ৰিপুণ বৰা উপস্থিত হৈ পৰিষদীয় সমষ্টিসমূহত দলীয় প্ৰাৰ্থীসকলৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়। সহস্ৰাধিক কংগ্ৰেছ নেতা কৰ্মী আৰু সমৰ্থক উপস্থিত থকা সভাত ভাষণ প্ৰসংগত বৰাই শাসনাধিষ্ঠিত বিজেপি চৰকাৰখনক সমালোচনা কৰাৰ লগতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী সোণোৱালক তীব্ৰ ভাষাৰে আক্ৰমণ কৰে৷ 

ভাষনত বৰাই বিজেপিক ফাঁকিবাজৰ দল বুলি অভিহিত কৰাৰ লগতে বিজেপি চৰকাৰ দুখীয়া ৰাইজৰ বাবে নহয়, ই কেৱল পুঁজিপতিক লৈ পুঁজিপতিৰ চিন্তা কৰা চৰকাৰ বুলি মন্তব্য কৰে৷ নিৰ্বাচনৰ পূৰ্বে বিজেপি দলৰ হৈ প্ৰধানমন্ত্ৰীগৰাকীয়ে বৰ বৰ কথাৰে, অভিলাষী আঁচনিৰ শ্ল'গানেৰে দেশৰ ৰাইজক ঠগি ক্ষমতাৰ আসনত বহিবলৈ সমৰ্থ হ'ল বুলি উল্লেখ কৰি চৰকাৰ গঠনৰ পিছত সকলো পাহৰি পেলোৱা বুলি মন্তব্য কৰে।

বিদেশৰ কলা টকা ঘূৰাই অনাৰ প্ৰতিশ্ৰুতি, মূল্যবৃদ্ধি ৰোধ, ২৪ ঘন্টীয়া বিদ্যুৎ যোগানৰ গ্যাৰেন্টি, অভিলাষী আঁচনি ৰূপায়ণ আদিৰ কি হ'ল বুলিও প্ৰশ্ন কৰে বৰাই। ভাল দিনৰ পৰিৱৰ্তে বেয়া দিনহে আহিছে বুলি অভিযোগ কৰি তেওঁ আৰু কয় যে মোদীয়ে ৰাজপাটত বহাৰ পিছতে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনৰ ২ টকীয়া চাউল বন্ধ হোৱাৰ উপক্ৰম হ’ল, ৫০ টকাৰ দাইল ১০০ টকীয়া হ’ল, কেৰাচিন, ডিজেল, পেট্ৰলৰ দাম আকাশলংঘী হ'ল৷ 

ইফালে বিজেপিয়ে দেশৰ অনুসূচিত জনজাতিৰ শ্ৰেণীকৰণ আদিও নিশেষ কৰি সকলোকে সাধাৰণ শ্ৰেণীত অন্তৰ্ভূক্ত কৰাৰ অভিসন্ধিও ৰচনা কৰিছে বুলি কয় সভাপতিগৰকীয়ে৷ কংগ্ৰেছ দলৰ ভয়ত  ১২ জুনত অনুষ্ঠিত হ'বলগীয়া কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচন অহা ১৭ জুনলৈকেও পিছুৱাই দিব লগাত পৰিছে বুলি কৈ কঠোৰ ভাষাৰে বিজেপিক নিন্দা কৰাৰ লগতে সমালোচনা কৰে বৰাই৷ "কংগ্ৰেছে খান্দিলে পুখুৰী, কংগ্ৰেছেই এৰিলে মাছ, কিন্তু মাছ ডাঙৰ হোৱাৰ পাছত এতিয়া বিজেপিয়ে আৰামত মাছ ধৰি খাবলৈ আহিল।" নিজৰ ভাষণত বিজেপিক এইদৰে কটাক্ষ কৰে নেতাজনে।

আনহাতে ৮ নং হামৰেণ সমষ্টিৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত হোৱা বিজেপিৰ নিৰ্বাচনী সভাত কাৰ্বি পৰিষদীয় ৮ নং হামৰেণ সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী তথা পৰিষদৰ প্ৰাক্তন কাৰ্য্যবাহী সদস্য মংগলছিং তিমুঙে ভাষণ প্ৰসংগত কংগ্ৰেছক এক পৰিয়ালকেন্দ্ৰিক দল হিচাপে অভিহিত কৰে। দুৰ্নীতি সংঘটিত কৰা নায়কবোৰেই দলটোত আছে বুলিও কয় নেতাজনে। এনে কাৰণতে কংগ্ৰেছৰ মেৰুদণ্ডই ভাঙি পৰিছে বুলি কটাক্ষ কৰি দেশৰ হাজাৰ হাজাৰ জনতাই সেয়া কৰিছে আৰু কাৰ্বি আংলঙতো এইবাৰ দুৰ্নীতিত পোত যোৱা দলটোক পাহাৰবাসীয়ে এসেকা দিব বুলি কয় তিমুঙে।

ঠগ আৰু ফাঁকিৰে বিগত ১৫ বছৰে চৰকাৰ পৰিচালনা কৰি দুখীয়াক মাৰি সম্পত্তিৰ পাহাৰ গঢ়া কংগ্ৰেছে কোনো কাৰণতে কাৰ্বি আংলঙত জয়ী হ'ব নোৱাৰে বুলিও স্পষ্ট কৰি দিয়ে মংগলছিং তিমুঙে৷