কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাৰ বিশমূৰী উপ আৰক্ষী চকীৰ অন্তৰ্গত দলগুৰীৰ লুংচুঙত যোৱা নিশা বনৰীয়া হাতীৰ গচকৰ ফলত এগৰাকী বিবাহিতা মহিলা মৃত্যমুখত পৰা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ হাতীৰ গচকত মৃত্যু হোৱা মহিলা গৰাকীক পিলি কিস্কু (২০) বুলি জনা গৈছে৷
আৰক্ষীয়ে জানিবলৈ দিয়া মতে লুংচুঙৰ বাসিন্দা বিষ্ণু হাসদা নামৰ ব্যক্তি গৰাকীৰ পত্নী পিলি কিস্কুয়ে নিশা ভাতপানী খাই শুই পৰিছিল৷ কিন্তু মাজনিশা প্ৰায় এক বজাত বনৰীয়া হাতীৰ জাক এটাই পিলি কিস্কুয়ে শুই থকা ঘৰৰ বেৰ ভাঙি তচনচ কৰিবলৈ ধৰে।