মিছামাৰীঃ শোণিতপুৰৰ মিছামাৰী আৰক্ষী থানাৰ অন্তৰ্গত নবিল পথাৰ গাঁৱত আজি পুৱতি নিশা এগৰাকী যুৱতী বনৰীয়া হাতীৰ গছকত গুৰুতৰভাৱে আহত হয়। প্ৰাপ্ত খবৰ মতে গাঁওখনৰ বাসিন্দা ভক্ত বাহাদুৰ ছেত্ৰীৰ কন্যা স্বপ্না ছেত্ৰী (১৭) পুৱাতে ঘৰৰ পাছফালে বাচন-বৰ্তন ধোৱা কামত ব্যস্ত হৈ আছিল।
তেনেসময়তে এটা প্ৰকাণ্ড বনৰীয়া হাতী যুৱতীগৰাকীৰ পাছফালৰ পৰা আহে। যুৱতীগৰাকী পলাবলৈ চেষ্টা কৰে যদিও পিছল খাই পৰাত হাতীটোৰ আক্ৰমণ কৰে। ফলত যুৱতীগৰাকীয়ে বুকু আৰু মুৰত যথেষ্ট আঘাত পায়। ইয়াৰ পাছতে পৰিয়ালটোত চিঞৰ-বাখৰ লগোৱাত গাঁৱৰ ৰাইজ ওলাই অহি হাতীটোক সোণাই ৰূপাই অভয়াৰণ্যৰ ফালে খেদি পঠিয়ায়।