58
ডিজিটেল ডেস্কঃ ফান্সৰ ৰাজনৈতিক ইতিহাস সৃষ্টি কৰি ৩৯ বৰ্ষীয় ইমানুৱেল মেক্ৰোন নিৰ্বাচিত হৈছে ৰাষ্ট্ৰপতি হিচাপে। ৰবিবাৰে হোৱা ভোটদানত ৬৫.৫% ভোট লাভ কৰা ইমানুৱেলে লী পেনক হৰুৱাই ফ্ৰান্সৰ সৰ্বকনিষ্ঠ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈছে।
ইয়াৰ লগে লগে ফ্ৰান্সৰ দীঘলীয়া ইতিহাসত এক নতুন অধ্যায়ৰ সূচনা হোৱা বুলি উল্লসিত হৈ পৰা ইমানুৱেলে ঘোষণা কৰে। জনতাৰ এই ৰায়দান আশাব্যঞ্জক হওক বুলি ইচ্ছা প্ৰকাশ কৰে ইমানুৱেলে।