গুৱাহাটীঃ ছ’চিয়েল মিডিয়াত সদৌ অসম ছাত্ৰ সন্থা আৰু অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক সমালোচনা কৰি লিখা পোষ্ট এটাৰ বাবে গ্ৰেপ্তাৰ হৈছে পৰিমল গোড় নামৰ এজন যুৱক। আছুক জাতীয়তাবিৰোধী বুলি কোৱা উক্ত পোষ্টটোত পৰিমলে সোণোৱালকো সুবিধাবাদী বুলি ক’বলৈ এৰা নাই। আঞ্চলিকতাবাদক ‘লাঠ মাৰি’ সোণোৱালে আছুৰ বলতে ‘জাতীয় নায়ক’ আখ্যা পোৱা বুলি কোৱা হৈছে পোষ্টটোত।
ফেচবুক টাইমলাইনত থকা অনুযায়ী ৬ মেত বিপুল শৰ্মা নামৰ ব্যক্তি এগৰাকীৰ টাইমলাইনৰপৰা নিশা ৯.২২ মিনিটত শ্বেয়াৰ কৰা পোষ্টটোত এনেদৰে সোণোৱাল তথা আছুৰ বিৰুদ্ধে বিষেদগাৰ কৰাৰ পিছতে দেওবাৰে নিশাৰ ভাগত বিশ্বনাথ থানাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে পৰিমলক।