ডিজিটেল ডেস্কঃ কোটিটকীয়া পশুখাদ্য কেলেংকাৰীৰ অভিযুক্ত আৰ জে ডি দলৰ মুৰব্বী নেতা লালু প্ৰসাদ যাদৱৰ বিৰুদ্ধে অপৰাধীক গোচৰ তৰাৰ বাবে অনুমতি প্ৰদান কৰিছে উচ্চতম ন্যায়ালয়ে। ঝাৰখণ্ড উচ্চ ন্যায়ালয়ৰ ৰায়দানৰ বিৰুদ্ধে চিবিআইয়ে জনোৱা আবেদন গ্ৰহণ কৰি সোমবাৰে এই নিৰ্দেশ জাৰি কৰিছে সৰ্বোচ্চ ন্যায়ালয়খনে।
লালু প্ৰসাদ তথা সহযোগীসকলক ঝাৰখণ্ড উচ্চ ন্যায়ালয়ে অপৰাধীক ধাৰা আঁতৰোৱাৰ পিছতে অসন্তুষ্ট হৈ সৰ্বোচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল চিবিআই। উল্লেখ্য যে ২০১৪ চনৰ নৱেম্বৰ মাহত লালুৰ বিৰুদ্ধে থকা আৰোপ উঠাই লোৱাৰ বাবে নিৰ্দেশ দিছিল ঝাৰখণ্ড উচ্চ ন্যায়ালয়ে। আজি উচ্চতম ন্যায়ালয়ে আদালতক ৯ মাহৰ ভিতৰত শুনানী সম্পুৰ্ণ কৰাৰ বাবে নিৰ্দেশ প্ৰদান কৰে।