55
খেৰণিঃ পশ্চিম কাৰ্বি আংলঙৰ খেৰণি বনাঞ্চলিক কাৰ্য্যালয়ৰ অন্তৰ্গত নিহাংগাওঁত আজি কেপ্টেইন নামৰ এটা বনৰীয়া হাতীৰ মৃতদেহ উদ্ধাৰ হয়৷ কেপ্টেইন আছিল খেৰণি বন বিভাগে নামাকৰন কৰা এটা বনৰীয়া হাতীৰ নাম৷
হাতীটোয়ে বছৰ বছৰ ধৰি বৃহত্তৰ আমৰেং বনাঞ্চল আৰু বৃহত্তৰ খেৰণিৰ জনাঞ্চলত খাদ্যৰ সন্ধানত ইমুৰৰ পৰা সিমুৰলৈ বিচৰন কৰি ফুৰিছিল বুলি প্ৰকাশ কৰে বন কৰ্মচাৰীয়ে৷