ধেমাজিঃ যি সময়ত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাজ্যখনৰ ভগ্নপ্ৰায় সকলো মথাউৰী ৩১ মাৰ্চৰ ভিতৰত নিৰ্মাণ শেষ কৰিবলৈ নিৰ্দেশ দিছিল কিন্তু সেই সময়ত লেহেমীয়া গতিত চলিছে ধেমাজি জল সম্পদ বিভাগৰ গাইনদীৰ বাওঁপাৰৰ মথাউৰী নিৰ্মাণৰ কাম।
১০ মাৰ্চৰ পৰাহে আৰম্ভ হোৱা নিৰ্মাণকাৰ্য্য কেনেদৰে ৩১ মাৰ্চৰ ভিতৰত শেষ হ’ব সেয়া একপ্ৰকাৰ সাথৰহে। এই সাথৰেই চিন্তাত পেলাইছে চিচিবৰগাঁওবাসীক। বাৰিষা হ’বলৈ এমাহ বাকী থকা অৱস্থাত কেতিয়া নিৰ্মাণ কাৰ্য শেষ কৰিব সেই কথা ভাবি চিচিবৰগাওঁ অঞ্চলবাসী ৰাইজৰ চকুত টোপনি নোহোৱা হৈছে।