58
সৰভোগঃ বৰপেটা জিলাৰ অন্তৰ্গত বৰপেটাৰোডৰ বিশিষ্ট উদ্যোগী অশোক ৰয় চৌধুৰী বুধবাৰে নিশা প্ৰায় এঘাৰ বজাত হৃদৰোগত আক্ৰান্ত হৈ অকাল মৃত্যুক সাৱতি লয়।
নিম্ন মধ্যবিত্ত পৰিয়ালত জন্ম গ্ৰহণ কৰা নৱৈৰ দশত সাধাৰণ এটা স্কুটাৰ গেৰেজেৰে কাম আৰম্ভ কৰা এই ব্যক্তিজনে ২০ বছৰ মানৰ ভিতৰতে নিজৰ একান্ত পৰিশ্ৰম তথা বুদ্ধিৰে নিজকে এজন সফল উদ্যোগী হিচাবে প্ৰতিষ্ঠা কৰিছিল।