56
বিহালীঃ বিশ্বনাথ জিলাৰ বিহালী সমষ্টিৰ অন্তৰ্গত টেঙাবাৰী গাঁৱত বৰগাং নদীৰ গৰাখহনীয়াই তীব্ৰ ৰূপ ধাৰণ কৰিছে।
এই খহনীয়াৰ ফলত কেইবাটাও পৰিয়ালৰ ঘৰ বাৰী নদীত জাহ যোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে। বৰগাং নদীৰ গৰাখহনীয়া প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত স্থানীয় বিধায়ক তথা অসমৰ কেবিনেট মন্ত্ৰী ৰঞ্জিত দত্তক কেইবাবাৰো স্মাৰক পত্ৰৰ জৰিয়তে অৱগত কৰোৱা হৈছে।