মৰিগাঁওঃ বাৰিষাৰ বৰষুণ মানেই যেন অভিশাপ তেওঁলোকৰ বাবে৷ কিয়নো বাৰিষাৰ বৰষুণত ফেনে-ফোটোকাৰে বাঢ়ি অহা ব্ৰহ্মপুত্ৰৰ পানীয়ে তেওঁলোকক সৰ্বস্বান্ত কৰি থৈ যায় তেওঁলোকক৷ সপোনৰ ঘৰখন যেন পলকতে জাহ যায় ব্ৰহ্মপুত্ৰৰ বুকুত। খহনীয়াই সৰ্বস্বান্ত কৰা পৰিয়ালসমূহ হ’ল নগাঁও জিলাৰ ধিঙৰ।
বৰলুইতৰ গৰাখহনীয়াই চকুৰ পচাৰতে খহাইছে মানুহৰ ঘৰ, শ শ বিঘা কৃষি ভূমি। চকুৰ সন্মুখতে নিজৰ ঘৰখন বিলীন হৈ গৈছে বৰলুইতত যেন সপোনবোৰ শেষ হৈ গৈছে৷ ঘৰ-বাৰী, খেতি-পথাৰ হেৰুৱাই দিশহাৰা আজি হাজাৰ-হাজাৰ পৰিয়াল।