নাহৰকটীয়াঃ ২০১৬ চনৰ ১ জানুৱাৰীত অসম চৰকাৰে ঘোষণা কৰিছিল এটা নতুন মহকুমা। ৰাইজৰ প্ৰৱল দাবীৰ ন্যায্যতা স্বীকাৰ কৰি নাহৰকটীয়াক ডিব্ৰুগড় জিলাৰ দ্বিতীয়টো মহকুমা হিচাবে ঘোষণা কৰি একে বৰ্ষৰে ২৯ ফেব্ৰুৱাৰীত ইয়াৰ আধাৰশিলা স্থাপন কৰিছিল। ৰাইজে ভাবিছিল যে মহকুমা হ’ল যিহেতু এতিয়া আৰু উন্নয়নৰ বাট মুকলি হ’ব। কিন্তু উন্নয়নটো বাদেই, মহকুমা স্থাপনৰ যাৱতীয়া কামখিনিও যি গতিত আগবাঢ়িছে, সেয়া দেখিলে শামুকেও লাজ পাব।
আজি উপায়ন্তৰ হৈ মহকুমাটোৰ যাৱতীয় কাম-কাজ খৰতকীয়া কৰাৰ দাবীত নাহৰকটীয়া, নামৰূপ, দুলীয়াজান, চাচনী আৰু টিংখং আঞ্চলিক ছাত্ৰ সন্থাৰ যৌথ উদ্যোগত নাহৰকটীয়াত আজি দিনৰ ১১ বজাৰ পৰা ২ বজালৈ ৩ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী কৰিছে।