শিৱসাগৰঃ ৰূপহীবিল বনগাঁও প্ৰাথমিক বিদ্যালয়ৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষয়িত্ৰী পুতলী হাজৰিকাক আজি ৰাজহুৱাভাৱে বিদায় সম্বর্ধনা জনোৱা হয়।
বিদ্যালয়ৰ প্ৰাংগনত অনুষ্ঠিত হোৱা এখন বিদায়ী সভাত সুদীৰ্ঘ ৩৭ বছৰে বিদ্যায়তনিক ক্ষেত্ৰখনলৈ আগবঢ়োৱা সেৱাৰ স্বীকৃতিস্বৰূপে শিক্ষয়িত্ৰীগৰাকীক বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী গোট, বৰ্তমান তথা প্ৰাক্তন ছাত্ৰ-ছাত্ৰী, মুক্তি মংগল সাংস্কৃতিক নাট্য গোষ্ঠী, পৰিচালনা সমিতিকে ধৰি বহু অনুষ্ঠান-প্ৰতিষ্ঠানে সম্বর্ধনা পত্ৰ, চেলেংচাদৰ, গামোচা, ফুলৰ থোপা, কিতাপ আদিৰে বিদায় সম্বৰ্ধনা জনায়।