শিৱসাগৰঃ  ৰূপহীবিল বনগাঁও প্ৰাথমিক বিদ্যালয়ৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষয়িত্ৰী পুতলী হাজৰিকাক আজি ৰাজহুৱাভাৱে বিদায় সম্বর্ধনা জনোৱা হয়।

বিদ্যালয়ৰ প্ৰাংগনত অনুষ্ঠিত হোৱা এখন বিদায়ী সভাত সুদীৰ্ঘ ৩৭ বছৰে বিদ্যায়তনিক ক্ষেত্ৰখনলৈ আগবঢ়োৱা সেৱাৰ স্বীকৃতিস্বৰূপে শিক্ষয়িত্ৰীগৰাকীক বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী গোট, বৰ্তমান তথা প্ৰাক্তন ছাত্ৰ-ছাত্ৰী, মুক্তি মংগল সাংস্কৃতিক নাট্য গোষ্ঠী, পৰিচালনা সমিতিকে ধৰি বহু অনুষ্ঠান-প্ৰতিষ্ঠানে সম্বর্ধনা পত্ৰ, চেলেংচাদৰ, গামোচা, ফুলৰ থোপা, কিতাপ আদিৰে বিদায় সম্বৰ্ধনা জনায়।

বিদ্যালয়ৰ প্ৰতিষ্ঠাপক সভাপতি ভীমকান্ত দাসৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত উদ্দেশ্য ব্যাখ্যা কৰে পৰিচালনা সমিতিৰ সভাপতি নৃপেন দাসে।

প্ৰাক্তন ছাত্ৰ প্ৰান্তিক শৰ্মাই আঁত ধৰা অনুষ্ঠানটোত ৰুদ্ৰসাগৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক বদন কাকতি, ৰাধিকা নগৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ব্ৰজেন দাস, সমাজকৰ্মী হৰিপ্ৰসাদ দেৱ শৰ্মা, বিদ্যালয়ৰ নিৰ্মাণ সমিতিৰ সভাপতি তাৰানাথ শৰ্মা, সাংবাদিক নজিউল্লা হাজৰিকা, যুৱ নেতা যদুমনি শৰ্মা, শিক্ষক আমানউদ্দিন আহমেদ, দীপিকা দাস, এলিজা বেগম, মৃদুল বৰাকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকি বক্তব্য আগবঢ়ায়। অনুষ্ঠানত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰে।