বিহগুৰিঃ ঠেলামৰা অঞ্চলত বিগত বহু বছৰ ধৰি চলি আছিল অবৈধ সুৰাৰ ৰমৰমীয়া বেহা। শেহতীয়াকৈ NEWS NEXT ONE ৰ সাংবাদিকে ঠেলামৰাত চলি অহা অবৈধ সুৰাৰ অবাধ ৰমৰমীয়া বেহাৰ বাতৰি ধাৰাবাহিক ভাবে প্ৰচাৰ কৰাত গা লৰিল জিলা প্ৰশাসনৰ লগতে আবকাৰী বিভাগৰ।
বিশেষকৈ হোটেল পাঞ্জাবত চলি থকা অবৈধ সুৰাৰ ব্যৱসায়ে ঠেলামৰা ৰাজহ চক্ৰ এলেকাৰ শান্তি বাতাবৰণত এক কু-প্ৰভাৱ পেলাই আহিছিল। দুবছৰ আগে স্থাপন হোৱা কস্তুৰবা গান্ধী বালিকা বিদ্যালয় খনৰ বাবেও অনাগত দিনৰ বাবে শিক্ষাৰ প্ৰতিকূল পৰিৱেশ সৃষ্টি কৰিছিল এই বেহাই।