নগাঁওঃ ২১ ফেব্ৰুৱাৰী সমগ্ৰ বিশ্বৰ বাবে এটা গৌৰৱৰ দিন৷ এই দিনটোক আন্তঃৰাষ্ট্ৰীয় মাতৃভাষা দিৱস হিচাপে পালন কৰা হয়৷ বিশ্বৰ বিভিন্ন দেশৰ বাবে এটা স্মৃতিৰ দিন এই দিনটো৷ ১৯৫২ চনৰ পৰাই এই দিনটোক মাতৃভাষা দিৱস হিচাপে পালন কৰি আহিছে বিশ্বই।
সমাজৰ পৰা বিভিন্ন ভাষা, উপ-ভাষা, দোৱান আদিৰ অস্তিত্ব দিনক দিনে লুপ্ত পাই অহাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিটো জাতি, উপ-জাতি, জনগোষ্ঠীৰ মাতৃভাষাক শ্ৰদ্ধা, সম্ৰণ কৰাৰ উদ্দেশ্যে ২০০০ চনৰ পৰাই ৰাষ্ট্ৰসংঘৰ নিৰ্দেশত বিশ্ব মাতৃভাষা দিৱস হিচাপে পালন কৰি আহিছে৷