গৰৈমাৰীঃ দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ সংখ্যালঘু অধ্যুষিত অঞ্চলৰ অতি পুৰণি শিক্ষানুষ্ঠানখনেই হৈছে মাজৰটোপ উচ্চতৰ মাধ্যমিক বিদ্যালয়। শৈক্ষিক প্ৰাণকেন্দ্ৰস্বৰূপ বিদ্যালয়খনতেই ছাত্ৰ-ছাত্ৰীৰপৰা অতিৰিক্ত মাচুল সংগ্ৰহৰ অভিযোগ উত্থাপিত হৈছে।
উচ্চতৰ মাধ্যমিকৰ একাদশ শ্ৰেণীৰ নাম ভৰ্তিৰ বাবে অতিৰিক্ত মাচুল লোৱাৰ অভিযোগ তুলি মানৱ অধিকাৰ সমৰ্থন কেন্দ্ৰৰ সচিব নুৰুল ইছলামে মাজৰটোপ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষক আব্দুল ওবাহাবৰ বিৰুদ্ধে গৰৈমাৰী আৰক্ষী চকীত এটি এজাহাৰ দাখিল কৰিছে।