Newsnextone | ডিজিটেল ডেস্কঃ তিনিমাহৰ ভিতৰত মুঠ ৫৮.৩ কোটিৰো অধিক ফেচবুকৰ একাউন্ট বন্ধ কৰিছে ফেচবুকে। হিংসা-বিদ্বেষমূলক তথা সন্ত্ৰাসবাদী কাৰ্যকলাপত উত্সাহ যোগোৱা দৃশ্য-শ্ৰাব্য আৰু আলোকচিত্ৰ প্ৰচাৰ কৰা একাউণ্টবোৰৰ লগতে ভুৱা একাউণ্টবোৰ ফেচবুকৰ কৃত্ৰিম বুদ্ধিমত্তাৰ জৰিয়তে যোৱা তিনিমাহত আঁতৰাই পেলোৱা হৈছে বুলি মাৰ্ক জুকাৰবাৰ্গে এটা পোষ্টযোগে সদৰী কৰিছে।  

সামাজিক তথা সম্প্ৰদায়ৰ মাজত বিভেদ সৃষ্টিকাৰী একাউণ্টবোৰৰ লগতে ইউজাৰৰ তথ্য অবৈধভাৱে সৰবৰাহ কৰা ভালেমান এপচো বন্ধ কৰি দিছে ফেচবুকে। কেমব্ৰিজ এনালিটিকাৰ তথ্য ফাদিল হোৱা ঘটনাৰ পাছত ফেচবুকে মঙলবাৰে প্ৰতিদিনে ১ লাখৰো অধিক ভুৱা তথ্যসম্বলিত একাউণ্ট বন্ধ কৰাৰ বিষয় অৱগত কৰে৷ এই প্ৰচেষ্টা হাতত লোৱাৰ পাছতো এতিয়াও ৩-৮ শতাংশ ভুৱা একাউন্ট আছে বুলি ফেচবুকৰ কৰ্তৃপক্ষই জনায়৷  

তদুপৰি ৮৩.৭ কোটি বিদ্বেষমূলক পোষ্ট ফেচবুকৰ পৰা আঁতৰাই পেলোৱা হৈছে৷ প্ৰথমবাৰৰ বাবে ফেচবুকৰ কতৃপক্ষই বিভিন্ন ধৰণৰ বিদ্বেষমূলক আলোকচিত্ৰ তথা সন্ত্ৰাসবাদ তথা ঋণাত্মক চিন্তা-চৰ্চাত উত্সাহ যোগোৱা পোষ্টবোৰলৈ কঢ়া চকু দিছে। কমেও এনে ৩ কোটিৰ অধিক পোষ্টলৈ জাননি দিয়া হৈছে। 

লগতে অশ্লীল ছবি ব্যৱহাৰ কৰা আৰু ২০০ টা এপছ ছ’চিয়েল চাইটটোৰ পৰা আঁতৰাই দিয়া হৈছে৷ ১০ হাজাৰৰো অধিক গ্ৰাফিক্সৰ দ্বাৰা বিভিন্ন বিষয়ক ভুৱা তথ্য প্ৰচাৰ কৰি মানুহৰ মাজত বিভেদৰ বীজ সিঁচিবলৈ চলোৱা চেষ্টাক প্ৰতিহত কৰাৰ চেষ্টা চলাইছে চাইটটোৱে। সন্ত্ৰাসবাদী কাৰ্যকলাপত উত্সাহ যোগোৱা ১ কোটি ৯০ লাখৰো অধিক পোষ্ট আঁতৰাই পেলোৱা হৈছে চাইটটোৰ পৰা৷ অৱশ্যে এই কামৰ ৭৩ শতাংশহে সম্পূৰ্ণ হৈছে৷ 

শেহতীয়াকৈ ফেচবুকৰ ব্যৱহাৰিক যোজনা প্ৰৱন্ধকৰ পৰিচালক ম’নিকা ৱিকেটে এই সন্দৰ্ভত কয়, তিনি হাজাৰৰো অধিক কৰ্মচাৰীক নিয়োজিত কৰা হৈছে৷ এই বছৰৰ আৰম্ভণিত নিয়োজিত কৰা কৰ্মচাৰীৰ সংখ্যা ৭৫০০ জনলৈ বৃদ্ধি কৰা হৈছে৷