54
দলংঘাটঃ ফেচবুকে লগ লগালে এজাক মহানুভৱক। নাম দৰঙী ফেচবুক সতীৰ্থ সন্মিলন। এই সন্মিলনীয়ে ফেচবুকৰ যোগাযোগৰ সুবিধাক সঠিক অৰ্থত ব্যৱহাৰ কৰি আগুৱাই আহিল অসমৰ বানপিড়ীত লোকৰ সাহায্যাৰ্থে।
বুধবাৰে দৰং জিলাৰ চেৰেং চাপৰিত দৰঙী ফেচবুক সতীৰ্থ সন্মিলনৰ উদ্যোগত আৰু আইদেউ টকীজ অসম, প্ৰফুল্ল নগৰ সন্মিলিত যুৱ মঞ্চৰ সহযোগত ব্ৰক্ষ্মপুত্ৰ পাৰৰ চেৰেং চাপৰিত বিনামূলীয়া চিকিৎসা শিৱিৰৰ ব্যৱস্থা আৰু খাদ্য সামগ্ৰী বিতৰণ কৰে।