গৌৰীসাগৰঃ আজি শিৱসাগৰ জিলাৰ আমগুৰি বিধান সভা সমষ্টিৰ অন্তৰ্গত ভাৰতীয় জনতা পাৰ্টিৰ গৌৰীসাগৰ মণ্ডল যুৱ মৰ্চাৰ উদ্যোগত আৰু মণ্ডল সমিতিৰ সহযোগত সমূহ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সফলতা কঢ়িয়াই অনা কীৰ্তি ছাত্র ছাত্রী সকলক আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনোৱা হয়।
দিখৌমুখৰ মিলিত শিল্পী সমাজৰ প্রেক্ষাগৃহত পূৱা পতাকা উত্তোলন কাৰ্য্যসূচীৰে আৰম্ভ হোৱা অনুষ্ঠানত আন্তঃৰাষ্ট্রীয় যোগ দিৱসৰ দিনটোৰ লগত সংগতি ৰাখি আনুষ্ঠানিক যোগাসনতো ভাগ লয় সকলোৱে।