58
চিচিবৰগাঁওঃ ভুৱা ফেচবুক একাউণ্ট খুলি অশ্লীল-আপত্তিজনক কথা-বতৰা কোৱা সততে পৰিলক্ষিত হোৱাৰ সময়তে এইবাৰ আনৰ নামত ফেচবুকৰ একাউন্ট খুলি অপপ্ৰচাৰ কৰাৰ দৰে ঘটনা পোহৰলৈ আহিছে৷
ধেমাজি জিলাৰ চিচিবৰ গাঁও অঞ্চলৰ গেলুৱা গাৱঁৰ এগৰাকী বিবাহিত মহিলাৰ নামত কোনো দুষ্ট চক্ৰই মহিলাগৰাকীৰ ফটো ব্যৱহাৰ কৰি ফেচবুক একাউণ্ট খুলি অশালীন ষ্টেটাচ আপলোড কৰি মহিলাগৰাকীক মানসিকভাৱে হাৰাশাস্তি কৰাৰ লগতে সমাজত হেয় প্ৰতিপন্ন কৰিবলৈ চেষ্টা কৰি আহিছে।