তামুলপুৰঃ আলফা (স্বাধীন)ৰ নামত ধনদাবী কৰি আটক দুই যুৱক। ধৃত যুৱক দুজন হ’ল তামুলপুৰ আৰক্ষী থানাৰ অধীনৰ গান্ধীবাৰী আৰক্ষী চকীৰ অন্তৰ্গত পঠালিকুছিৰ ৰামচৰণ দাসৰ পুত্ৰ কুশল দাস (২৪) আৰু আনজন একে গাঁৱৰে যতীন দাসৰ পুত্ৰ জগত দাস (২৫)।
জানিব পৰা মতে, বিগত কিছুদিন ধৰি তামুলপুৰ খণ্ড উন্নয়ন বিষয়া কাৰ্যালয়ৰ কৰ্মচাৰী অনিল মেধিক নিজকে আলফা (স্বা)ৰ কেডাৰ বুলি পৰিচয় দি পাঁচ লাখ টকাৰ ধন দাবী কৰে। ইয়াৰ পাছতে অনিল মেধিয়ে তামুলপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অসীম বৰাক তাৎক্ষণিকভাৱে অৱগত কৰে।