খেৰণিঃ অসম-মেঘালয়ৰ সীমান্তৰ পশ্চিম কাৰ্বি আংলং জিলাৰ অন্তৰ্গত অৱস্থিত উমৰো খুঁটি নামৰ ঠাইত ৰাজ্য চৰকাৰে শেহতীয়াকৈ স্থাপন কৰিবলৈ লৈছে সীমান্ত উপ-আৰক্ষী চকী। উক্ত উপ-আৰক্ষী চকীৰ স্থাপনৰ বাবে ভূমি দান কৰিছে স্থানীয় জ্যেষ্ঠ নাগৰিক হৰকা বাহাদুৰ খৰকা ছেত্ৰীয়ে।
অসম চৰকাৰৰ সীমান্ত সুৰক্ষা আৰু উন্নয়ন পুঁজিৰপৰা নিৰ্মীয়মান বাংলোৰ কাম-কাজৰ বুজ লোৱাৰ উদ্দেশ্যে পৰিদৰ্শন কৰে স্থানীয় বিধায় মানছিং ৰংপি, পৰিষদৰ কাৰ্যবাহী সদস্য ক্ৰমে ৰূপ ছিং টেৰণ, প্ৰদীপ ৰংপি লগতে পশ্চিম কাৰ্বি আংলঙৰ জিলা উপায়ুক্ত দেৱজ্যোতি হাজৰিকা আৰু আৰক্ষী অধীক্ষক মৃণাল তালুকদাৰে। পৰিদৰ্শন কালত বিধায়ক মানছিং ৰংপীয়ে সীমান্ত উপ-আৰক্ষী চকীত নিযুক্ত কৰা সীমা সুৰক্ষা আৰক্ষী কনিষ্টবল, বেটিলিয়েনসকলৰ সৈতে কথা পাতি তেওঁলোকৰ দায়িত্ব কৰ্তব্যনিষ্ঠা আৰু সততাৰে পালন কৰি যাবলৈ আহ্বান কৰে।