গুৱাহাটীঃ সামাজিক দায়িত্ব হিচাপে যিসকলৰ নাম এন আৰ চিত অন্তৰভুক্ত হোৱা নাই, তেওঁলোকক দাবী সাব্যস্ত কৰিবলৈ আহ্বান জনায় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে৷
শুকুৰবাৰে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে ৰাজ্যৰ ৭০ টা সংগঠনে ‘সংকল্প যাত্ৰা’ৰে প্ৰতিবাদকাৰীসকলে দিশপুৰ ঘেৰাও কৰাৰ পাছত শুকুৰবাৰে নিশাই কোনো পূৰ্ব নিৰ্ধাৰিত কাৰ্যসূচী নোহোৱাকৈ দিল্লীলৈ উৰা মাৰে মুখ্যমন্ত্ৰীজনে৷ নিশাই তেওঁ বি জে পিৰ সভাপতি অমিত শ্বাহক সাক্ষাৎ কৰে৷ এই আলোচনাত তেওঁ অসমৰ ৰাজনৈতিক পৰিস্থিতি সন্দৰ্ভত অৱগত কৰে৷