ডিজিটেল ডেস্কঃ ১৮ জুন দেওবাৰ। ইংলেণ্ডৰ অভেলত অনুষ্ঠিত আই চি চি চেম্পিয়নছ ট্ৰফীত ভাৰতক পৰাস্ত কৰি চেম্পিয়নৰ খিতাপ জয় কৰে পাকিস্তানে। 'চিৰবৈৰী’ পাকিস্তানৰ হাতত ভাৰতীয় ক্ৰিকেট দলটোৱে শোচনীয়ভাৱে পৰাজয় বৰণ কৰাটো কোনোপধ্যে মানি ল’ব পৰা নাই দেশৰ সমৰ্থকসকলে। য’লৈকে গৈছে সকলোতে এইকেইদিন এই লৈয়েই চৰ্চা। ছ’চিয়েল মিডিয়াতো সকলোৱে ব্যস্ত হৈ পৰিছে টীম ইণ্ডিয়াৰ পৰাজয়ক লৈ।

ইয়াৰ মাজতে একশ্ৰেণীৰ দুষ্ট প্ৰবৃত্তিৰ লোকে অব্যাহত ৰাখিছে দেশত অশান্তি বিয়পোৱাৰ চেষ্টা। ইয়াৰ বাবে দুষ্ট চক্ৰটোৱে বাছি লৈছে ছ’চিয়েল মিডিয়াক। এই অনুযায়ী ফেচবুক, টুইটাৰ, হোৱাটছএপত বিয়পাই দিয়া হৈছে ডক্টৰড ভিডিঅ’।

এনে ভিডিঅ’সমূহত দেখা গৈছে যে ভাৰতৰ পৰাজয়ত দেশখনৰ ইছলাম ধৰ্মাৱলম্বীলোকসকল উৎফুল্লিত হৈ পৰিছে। পাকিস্তানৰ পতাকা হাতত লৈ দেশৰ ভিন্ন প্ৰান্তত পথত উল্লসিত হৈ পৰা মুছলমান যুৱককো ভিডিঅ’সমূহত দেখিবলৈ পোৱা গৈছে। মুহূৰ্তৰ ভিতৰতে ভাইৰেল হৈ পৰিছে এনে ভয়াৱহ উদ্দেশ্যপ্ৰণোদিত ভিডিঅ’সমূহ। অধিকাংশ লোকে ইয়াৰ আঁৰত জড়িত হৈ থকা অসৎ উদ্দেশ্যে ধৰিব নোৱাৰা বাবেই সমাজত অশান্তি বিয়পি পৰাৰো সম্ভাৱনা প্ৰকট হৈ পৰিছে।

মুহূৰ্ততে ভাইৰেল হৈ পৰা এনে এটি ভিডিঅ’ত দেখা গৈছে যে দুজন যুৱকে উল্লাস প্ৰদৰ্শন কৰি মটৰ চাইকেলত গৈ আছে। তেওঁলোকৰ হাতত আছে পাকিস্তানৰ পতাকা। এই ভিডিঅ’টো দিল্লীৰ ৰাজপথৰ বুলি উল্লেখ কৰি ছ’চিয়েল মিডিয়াত এৰি দিয়া হৈছে।

কিন্তু প্ৰকৃততে এই ভিডিঅ’টো হৈছে বদোদৰাৰ। ভাৰত-পাকিস্তানৰ মেচৰ বহু পূৰ্বেই আপলোড কৰা হৈছিল ভিডিঅ’টো। এই ভিডিঅটো যোৱা মাৰ্চ মাহত ইনষ্টাগ্ৰামত পোষ্ট কৰিছিল ছফৱাৰ খান নামৰ এজন যুৱকে। প্ৰকৃত ভিডিঅটোত যুৱককেইজনৰ হাতত নাছিল পাকিস্তানৰ পতাকা। কিন্তু দুষ্ট চক্ৰই তাত পাকিস্তানৰ পতাকা বিশেষ ছফটৱেৰৰ জৰিয়তে এডিট কৰি দিয়ে।

ভিডিঅ’টো ভাইৰেল হৈ পৰাৰ লগে লগে বহু ফেচবুক আৰু টুইটাৰ একাউণ্টত 'ভাৰতীয় মুছলমানৰ পাকিস্তানৰ জয় উদযাপন’ বুলি উল্লেখ কৰি শ্বেয়াৰ কৰা পৰিলক্ষিত হৈছে। কেৱল ইমানেই নহয় বহুতেই ভিত্তিহীনভাৱে পাকিস্তানৰ জয়ত ইছলাম ধৰ্মাৱলম্বী লোকসকলে ফটকা ফুটোৱা বুলিও ফেচবুক আৰু হোৱাটছএপত উৰা বাতৰি বিয়পোৱা পৰিলক্ষিত হৈছে। অসমতো দেখা গৈছে এনে উৰাবাতৰি বিয়পোৱাৰ অপচেষ্টা। 

বিশেষকৈ ৰাজ্যখনৰ ইছলাম ধৰ্মাৱলম্বী বসতি প্ৰধান অঞ্চলসমূহত এনেদৰে পাকিস্তানৰ জয়ত ফটকা ফুটোৱা বুলি ভিত্তিহীনভাৱে দাবী কৰিছে একাংশ গোড়া মনোভাৱৰ লোকে। এই পোষ্টসমূহত দেখা গৈছে মহানগৰীৰ দুখন বিশেষ স্থানৰ নাম। এই নাম দুটা হৈছে হাতীগাঁও আৰু গাড়ীগাঁও। 

কেবাজনো লোকে মেচ শেষ হোৱাৰ লগে লগে হাতীগাঁৱত ফটকাৰ শব্দ শুনা গৈছে বুলি আপডেট দিয়া দেখা গৈছিল। লগে লগে উক্ত আপডেট ভাইৰেল হৈ পৰে।

'আমি সঁচাকৈয়ে মৰ্মাহত হৈছো। এনে ধৰণৰ মন্তব্যৰে আমাক তৃতীয় শ্ৰেণীৰ নাগৰিক কৰি তোলা হৈছে। যুগ যুগ ধৰি আমি অসমত বসবাস কৰি আহিছো। এই দেশ আমাৰ। এয়া আমাৰ জন্মভূমি। আমি আমাৰ জন্মভূমিক কি কাৰণত ঘিণ কৰিম? আমাৰ ধৰ্ময়ো জন্মভূমিক ঘিণ কৰিবলৈ কেতিয়াও শিকোৱা নাই। একাংশ গোড়া লোকে আমাৰ হাজাৰ বছৰীয়া সম্প্ৰীতি বিনষ্ট কৰিবলৈ এনে মন্তব্য কৰি আহিছে।’-সকলোকে এই ক্ষেত্ৰত সজাগ হ’বলৈ আহ্বান জনায় এইদৰে কয় হাতীগাঁও অঞ্চলৰ বকুল হুছেইন নামৰ এজন লোকে।

"হাতীগাঁৱত সকলোৱে পূৰ্ববংগীয় মূলৰ লোক থাকে বুলি কৈ আহিছে। পূৰ্ববংগীয় মূলৰ লোকসকল বাংলাদেশৰহে, পাকিস্তানৰ নহয়। যদি মানুহবোৰ কোৱাৰ দৰে ফটকা ফুটোৱাটোই হয়, তেন্তে বাংলাদেশী মূলৰ লোকখিনিয়ে পাকিস্তান জয়ী হ'লে কি কাৰণত উল্লাস প্ৰদৰ্শন কৰিব? মানুহে কোৱাৰ দৰে হাতীগাঁৱৰ একশ্ৰেণীৰ মানুহ দেশদ্ৰোহী হোৱা হ'লে বাংলাদেশ জয় হ'লে উল্লাস প্ৰদৰ্শন কৰিলে কৰিলেহেতেন।"- মিণ্টুল ৰমিজ শইকীয়া নামৰ আন এজন লোকে কয়।

লোক দুজনে আৰু কয় যে সেইদিনা হাতীগাঁৱৰ সমীপত মাৰোৱাৰী সম্প্ৰদায়ৰ এখন বিয়া আছিল আৰু সেই বিয়াতহে ফটকা ফুটোৱা হৈছিল। বিয়াৰ ফটকাৰ শব্দকে এনেদৰে সাম্প্ৰদায়িক ৰূপ দিবলৈ অপচেষ্টা চলোৱা কাৰ্যত লোক দুজনে আশ্বৰ্য প্ৰকাশ কৰে।

এইক্ষেত্ৰত সমূহ পাঠকলৈ আমাৰো অনুৰোধ, এই ধৰণৰ ভিডিঅ’, পোষ্ট শ্বেয়াৰ বা আপলোড কৰাৰ পূৰ্বে সম্পূৰ্ণ তথ্য জানি লওক। সাৱধানে থাকক...সতৰ্ক হৈ থাকক।