খাৰুপেটীয়াঃ দৰঙৰ খাৰুপেটীয়া অঞ্চলৰ কৃষক ৰাইজক ব্যৱসায়ীয়ে ভেজাল বীজ যোগান ধৰাৰ অভিযোগ উঠিছে৷ বহু কৃষকে অতি কষ্টৰে হাজাৰ হাজাৰ টকা খৰচ কৰি মাকৈৰ খেতি কৰিছিল যদিও সময় উকলি যোৱাৰ পিছতো মাকৈ নলগাত মূৰে-কপালে হাত দিছে কৃষকে।
যাৰ ফলত বৃহৎ ক্ষতিৰ সন্মুখীন হৈছে কৃষকসকল। ৰাজ্যৰ কৃষি মন্ত্ৰী অতুল বৰাই কৃষি ক্ষেত্ৰত কৃষকক ভেজাল মুক্ত বীজ যোগান ধৰি কৃষি শস্যৰ উৎপাদন বৃদ্ধিৰ ঢাক-ঢোল বজাই থাকিলেও কৃষকসকল কিন্তু ভেজাল মুক্ত বীজ নোপোৱাৰ অভিযোগ উঠিছে৷ ফলত যোৱা বছৰৰ দৰে এইবছৰো কৃষকসকলে মাকৈৰ শ শ বিঘা খেতি কৰি সৰ্বস্বান্ত হৈছে।