56
খাৰুপেটীয়াঃ নেৰা-নেপেৰাক বৰষুণৰ ফলত দৰঙৰ খাৰুপেটীয়াৰ বিস্তৃত অঞ্চলৰ খেতি পথাৰ পানীত বুৰ যোৱাত কৃষকৰ বিস্তৰ ক্ষতি সাধন হয়।
ফেনে ফোটোকাৰে বাঢ়ি অহা টাংনী নৈৰ পানীয়ে শ শ বিঘা বৰোধান, ভাত কেৰেলা, তিঁয়হ, কোমোৰা, বেগেনা আৰু জলকীয়াৰ খেতি পথাৰ নষ্ট কৰে৷ যাৰ ফলত খেতিয়কৰ মাজত হাহাকাৰৰ সৃষ্টি হৈয়।