62
ঢেকীয়াজুলিঃ চৰকাৰী বীজৰপৰা ধান নহৈ পতান ওলোৱাৰ ঘটনাই সমগ্ৰ ৰাজ্যখনতে কৃষি বিভাগটোৰ দক্ষতা আৰু দুৰদৰ্শিতাৰ প্ৰতি কৃষকৰ সন্দেহৰ ভাৱ সৃষ্টি কৰাৰ সময়তে বিভাগটোৰ আন এক হেমাহিৰ অভিযোগ উত্থাপন কৰিছে কৃষকে।
অাহুখেতিৰ সময়ৰ ধানৰ বীজ শালি খেতিৰ সময়তহে কৃষকৰ হাতত আহি পৰা বুলি বদনাম থকা বিভাগটোৱে এইবাৰ শালিধানৰ কঠীয়া পৰাৰ সময় পৰ্যন্ত কৃষকক দিয়া নাই শালিধানৰ বীজ৷