তেজপুৰ টাউনঃ বৰলুইতৰ পাৰৰ চহা সৌন্দৰ্যক বিশ্বত জিলিকাই তুলিবলৈ গাঁৱৰ পৰাই আৰম্ভ হওঁক যাত্ৰা৷ সুন্দৰ আৰু সুন্দৰীসকলক এখন মঞ্চ প্ৰদানৰ উদ্দেশ্যৰে শোণিতপুৰ জিলাৰ বালিপৰাৰ বালিগাঁৱৰ ১৯ সংখ্যক বাৰ্ষিক ব’হাগী মেলাই সৌন্দৰ্য প্ৰতিযোগিতা অনুষ্ঠিত কৰে৷

যদি আমি চাব যাও বিশ্ব জিনিব খোজা ডেকা-গাভৰু অসমত বহু আছে৷ গাঁৱৰ মাটি-পানী গচকি ডাঙৰ-দীঘল হ’লেও বিশ্ব জিনাৰ সপোনে তেওঁলোকৰ মনত দোলা দিয়ে প্ৰতিদিনে৷ সংযুক্তা দত্তৰ দৰে ডিজাইনাৰ হ’ব বিচাৰে নতুবা ফেশ্বনৰ জগতত উজলি উঠিব বিচাৰে তেওঁলোকে৷ ভিতৰৰ গাঁৱখনৰ পৰা ওলাই গৈ ৰাজমুকুট পিন্ধিব খোজে তেওঁলোকে৷ কিন্তু বিশ্ব জিনাৰ বাবে তেওঁলোকক লাগে এখন মঞ্চ৷ আমাৰ ৰাজ্যত তেনে এখন মঞ্চৰ অভাৱ৷ তাৰ পাছতো যেন তেওঁলোকে ৰৈ থকা নাই৷

পিতৃ-মাতৃৰ চেষ্টাত সমাজৰ একাংশ লোক আৰু অনুষ্ঠানৰ প্ৰচেষ্টাত সময়ে সময়ে ৰাজ্যত সৌন্দৰ্য প্ৰতিযোগিতা অনুষ্ঠিত হৈছে৷ বিশ্ব জিনাৰ সপোন দিঠকত পৰিণত কৰাৰ প্ৰচেষ্টা চলাইছে বিভিন্ন অনুষ্ঠানে৷ মেখেলা চাদৰ, ৰিহা-মুগাৰ মেখেলা, চেলেং আদি পৰম্পৰাগত সাজ-পাৰ পৰিধানেৰে ৰেম্পত খোজ দিয়াৰ সুবিধা দি আহিছে৷ এই সাজসমূহে বিশ্বত সমাদৰ লাভ কৰিবৰ বাবে ফেশ্যন নতুবা মডেলিঙত ব্যৱহাৰ হ’ব লাগিব বুলি ধাৰণা প্ৰদানৰ বাবে কৰ্মশালাও আয়োজন হৈছে ৰাজ্যত৷

শোণিতপুৰ জিলাৰ বালিপৰা বালিগাঁৱৰ ১৯ সংখ্যক বাৰ্ষিক ব’হাগী মেলাৰ লগত সংগতি ৰাখি অনুষ্ঠিত হয় সৌন্দৰ্য প্ৰতিযোগিতা৷ পৰম্পৰাগত জাতীয় সাজ-পোছাক পৰাধান কৰি ৰেম্পত খোজ দিয়ে কণ কণ কিশোৰ-কিশোৰীয়ে৷ কণ কণ লৰা-ছোৱালীয়ে মেখেলা চাদৰ, ৰিহা-মুগাৰ মেখেলা, চেলেং আদি পৰম্পৰাগত সাজ-পাৰ পৰিধানেৰে ৰেম্পত খোজ দিয়াৰ দৃশ্যই ৰাইজক আকৰ্ষিত কৰে৷

বালিগাঁৱৰ ৰংগমঞ্চত অনুষ্ঠিত প্ৰতিযোগিতাত বিভিন্ন ঠাইৰ ৩০ গৰাকী প্ৰতিযোগীয়ে অংশ লয়৷ ‘কণমাণি বালিপৰা’ প্ৰতিযোগিতাত জিজ্ঞাশ্ৰী ডেকা শৰ্মাই প্ৰথম, 
ৰক্তিম বৰুৱাই দ্বিতীয় আৰু প্ৰয়াশ্ৰী বৰুৱাই তৃতীয় স্থান লাভ কৰে। শ্ৰীমান বালিপৰা প্ৰতিযোগিতাত আলোক ৰঞ্জন শইকীয়াই প্ৰথম, কৰণ দাসে দ্বিতীয় আৰু বিপুল শইকীয়াই তৃতীয় স্থান দখল কৰে৷ শ্ৰীমতী বালিপৰা শিতানত মমতা সোনাৰ প্ৰথম, পূজা শৰ্মা দ্বিতীয় আৰু নাজনিন ৰহমানে তৃতীয় স্থান লাভ কৰে। ‘কণমাণি বালিপৰা’ খিতাপ অৰ্জন কৰা জিজ্ঞাশ্ৰী ডেকা শৰ্মা সংবাদকৰ্মী নিৰলা ডেকা শৰ্মাৰ কন্যা৷