তেজপুৰ টাউনঃ বৰলুইতৰ পাৰৰ চহা সৌন্দৰ্যক বিশ্বত জিলিকাই তুলিবলৈ গাঁৱৰ পৰাই আৰম্ভ হওঁক যাত্ৰা৷ সুন্দৰ আৰু সুন্দৰীসকলক এখন মঞ্চ প্ৰদানৰ উদ্দেশ্যৰে শোণিতপুৰ জিলাৰ বালিপৰাৰ বালিগাঁৱৰ ১৯ সংখ্যক বাৰ্ষিক ব’হাগী মেলাই সৌন্দৰ্য প্ৰতিযোগিতা অনুষ্ঠিত কৰে৷
যদি আমি চাব যাও বিশ্ব জিনিব খোজা ডেকা-গাভৰু অসমত বহু আছে৷ গাঁৱৰ মাটি-পানী গচকি ডাঙৰ-দীঘল হ’লেও বিশ্ব জিনাৰ সপোনে তেওঁলোকৰ মনত দোলা দিয়ে প্ৰতিদিনে৷ সংযুক্তা দত্তৰ দৰে ডিজাইনাৰ হ’ব বিচাৰে নতুবা ফেশ্বনৰ জগতত উজলি উঠিব বিচাৰে তেওঁলোকে৷ ভিতৰৰ গাঁৱখনৰ পৰা ওলাই গৈ ৰাজমুকুট পিন্ধিব খোজে তেওঁলোকে৷ কিন্তু বিশ্ব জিনাৰ বাবে তেওঁলোকক লাগে এখন মঞ্চ৷ আমাৰ ৰাজ্যত তেনে এখন মঞ্চৰ অভাৱ৷ তাৰ পাছতো যেন তেওঁলোকে ৰৈ থকা নাই৷