চাবুৱাঃ ৰাজ্য খনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হোৱা ডিব্ৰুগড় জিলাৰ চাবুৱাৰ এগৰাকী কিশোৰীক মঙলবাৰে দল-সংগঠনে আদৰণী জনায়৷ চাবুৱাৰ অসম বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সপ্তম শ্ৰেণীৰ ছাত্ৰী বৰ্ষা গগৈক দল-সংগঠনে সম্বৰ্ধনা যাচে৷ দেশৰ শ্ৰেষ্ঠ শিশু বিজ্ঞানীৰ কৃতিত্ব অৰ্জন কৰাৰ পিছতেই গৃহভূমি চাবুৱাত মঙলবাৰে উপস্থিত হয় বৰ্ষাই৷
যোৱা ২৭ ডিচেম্বৰৰ পৰা গুজৰাটৰ আহমেদাবাদত ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা দপ্তৰৰ উদ্যোগত অনুষ্ঠিত ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহৰ ৰূপালী জয়ন্তী সমাৰোহত অসমক প্ৰতিনিধিত্ব কৰি ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠে চাবুৱাৰ শিশু বিজ্ঞানী বৰষা গগৈয়ে। ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ ৰূপালী জয়ন্তী সমাৰোহ অংশ লৈ শিশু বিজ্ঞানীগৰাকী নিজ গৃহত উপস্থিত হোৱাৰ পিছতে অঞ্চলটোৰ লোকসকলে ছাত্ৰী বৰ্ষাক আদৰিবৰ বাবে দল-সংগঠন, শিক্ষক-শিক্ষয়ত্ৰী আৰু অঞ্চলটোৰ সচেতন ৰাইজ বৰ্ষাৰ গৃহক উপস্থিত হয়৷