ডিফুঃ এগৰাকী বেটালিয়ানে নিজৰ চাৰ্ভিছ ৰাইফলেৰে আত্মহত্যা কৰাৰ ঘটনাৰ চাঞ্চল্যৰ অব্যাহত আছে অসম-নাগালেণ্ডৰ সীমান্তৰ ধনশিৰিত৷ সীমান্ত পহৰা চকীত আত্মহত্যা কৰা বেটালিয়ানৰ নীলকান্ত বৰুৱাৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষা কৰি ডিব্ৰুগড় জিলাৰ খোৱাং থানা এলেকাৰ ন-পাহাৰ গাঁৱলৈ প্ৰৰণ কৰে৷ ডিফু আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দিপেন দাসে জানিবলৈ দিয়া মতে, সোমবাৰে ডিফু থানা এলেকাৰ ধনশিৰি আৰক্ষী চকীৰ পৰা প্ৰায় ১৫ কিঃ মিঃ নিলগৰ কাৰ্বি আংলং-নাগালেণ্ড সীমান্তৰ মঙলামুখ সীমান্ত পহৰা চকীত সংঘটিত হয় এই ঘটনা৷
সোমবাৰে বিয়লি প্ৰায় ১ বাজি ৫ মিনিটত গুলীৰ শব্দ শুনি পহৰা চকীত দৌৰা দৌৰি লাগে৷ সতীৰ্থ জোৱানসকল বেৰেকত আহি উপস্থিত হৈ বেটালিয়ান জনৰ মৃতদেহ তেজেৰে লুতুৰি-পুতুৰি হৈ পৰি থকা প্ৰত্যক্ষ কৰে৷ চকীখনৰ ভাৰপ্ৰাপ্ত বিষয়া জ্যোতিৰ্ময়ন গায়নৰ নেতৃত্বত এটি আৰক্ষীৰ দলে ঘটনাস্থলীত উপস্থিত হৈ চাৰ্ভিচ ৰাইফলটো আৰু এটা খালী কাৰ্টিজ উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷