অভয়াপুৰীঃ এগৰাকী মহিলাই জুবিন গাৰ্গৰ অনুষ্ঠান উপভোগ কৰিবলৈ গৈ অৱশেষত ঘৰলৈ এটি নিথৰ দেহ হৈ উভতি আহিল৷ মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ হ’ল এখন পথাৰত৷ দেহৰ কাপোৰ পৰ্যন্ত নোহোৱাকৈ পৰি থকাৰ দৰে এই কাণ্ড সংঘটিত হৈছে বঙাইগাঁও জিলাত৷
নিতৌ ৰাজ্যত ধৰ্ষণ নিৰ্যাতনৰ ঘটনা সংঘটিত হৈ অহাৰ সময়তে এই কাণ্ডই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে জিলা খনত৷ ছবিতা নাথ নামৰ মহিলাগৰাকীৰ মৃতদেহ ইতিমধ্যে উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষা ব্যৱস্থা কৰে আৰক্ষীয়ে৷ আনহাতে আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে৷ বঙাইগাঁও জিলাৰ মূলাগাঁৱত যোৱা ১৯ এপ্ৰিলৰ নিশা অনুষ্ঠিত হৈছিল বহাগ বিহুৰ অনুষ্ঠান৷ বিহুৰ অনুষ্ঠানত সংগীত পৰিৱেশন কৰিবলৈ আহিছিল জুবিন গাৰ্গ৷